গুৱাহাটীৰ শ্ৰম আযুক্তালয়ত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ

A

নিউজ ডেস্ক:

গুৱাহাটীৰ গোপীনাথ নগৰৰ শ্ৰম আযুক্তালয়ৰ সন্মুখত সোমবাৰে ২ঘণ্টা ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটাছাই ৷বাগিচা কর্তৃপক্ষৰ দ্বাৰা পৰিচালিত বিদ্যালয়সমূহত শিক্ষকৰ পদোন্নতিৰ জৰিয়তে উচ্চ-পদমৰ্য্যদা প্ৰদানৰ আৰু আইন সংগত বেতন প্ৰদানৰ দাবীত সাব্যস্ত কৰে এই ধৰ্ণা কাৰ্যসূচী।উল্লেখ্য যে অসমত প্ৰায় ৩৯৯খন চাহ বাগিচা প্ৰাথমিক বিদ্যালয় বাগিচা কর্তৃপক্ষৰ দ্বাৰা পৰিচালিত।প্ৰাথমিক বিদ্যালয়সমূহত প্ৰায় চাৰি শতাধিক শিক্ষকে শিক্ষকতা কৰি আছে।কিন্তু বাগিচা কৰ্তৃপক্ষই বিদ্যালয়সমূহত কোনো ধৰণৰ উন্নত মানদণ্ডৰ আন্তঃগাঁথনি বা উন্নত সুবিধা ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলক প্রদান কৰা নাই।বহু বিদ্যালয়ত পৃথক শ্রেণী কোঠা, বিশুদ্ধ খোৱা পানী, বেঞ্চ-ডেক্স, প্ৰসাৱগাৰৰ অভাৱ।ইয়াৰ উপৰিও শিক্ষাৰ আইনগত সুবিধা অবিহনে পৰিচালিত হৈ থকা বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰী অধ্যয়ণ কৰাৰ ভাল পৰিৱেশ নাই- এই কথা কাৰ্যসূচীত উপস্থিত থাকি জানিবলৈ দিয়ে সভাপতি ধীৰাজ গোৱালাই।

ইয়াৰ উপৰিও শিক্ষকসকলে আইনগত বেতন লাভৰ পৰাও বঞ্চিত হৈ আহিছে।শিক্ষকসকল বাগিচাৰ এজন সাধাৰণ শ্ৰমিকৰ সমপৰ্যায়ৰ বেতন প্ৰদানৰ উপৰিও সপ্তাহ বা ১৫দিনৰ মূৰে মূৰে শাৰী পাতি অন্য শ্ৰমিকৰ দৰে তেওঁলোকে লব লাগে বেতন।যিয়েই নেকি শিক্ষক সকলক মানসিক আৰু সমাজত পদ মৰ্যদা হ্ৰাস কৰি অহা বুলিও- গোৱালাই কয়।গুৰুত্বপূৰ্ণ কথা এই যে বাগিচাৰ শিক্ষকসকলে দৈনিক ২০৫টকা মজুৰীৰে শিক্ষা দান কৰি আহিছে।প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে তেওঁলোকৰ দাবী- শিক্ষকসকলক উপযুক্ত মজুৰী আৰু গ্ৰেড প্ৰদান কৰিব লাগে।ইয়াৰ উপৰিও শিক্ষকসকলক যাতে অন্য কামত বাগিচা কৰ্তৃপক্ষই নিয়োগ নকৰে তাৰ নিশ্চয়তা প্ৰদান কৰিব লাগে।উল্লেখ্য যে এইসমূহ দাবীৰ পূৰ্বে স্মাৰক পত্ৰৰ জৰিয়তে শ্রম মন্ত্ৰী আৰু আয়ুক্তক অৱগত কৰি আহিছিল যদিও বর্তমানলৈ কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উথ্থাপন কৰিছে আটাছাই ৷ইফালে আজি প্ৰতিবাদৰ জৰিয়তে পুনৰ শ্ৰম আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰে।ফেব্ৰুৱাৰী মাহৰ ভিতৰত দাবী পূৰণ নহলে গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ আটাছাৰ।

Your Comments