কেন্দ্ৰীয় বাজেটক লৈ 'এৰিডা'ৰ প্ৰতিক্ৰিয়া

A

 

নিউজ ডেস্ক:
বিত্তমন্ত্রী নিৰ্মলা সীতাৰমনে বুধবাৰে সদনত দাখিল কৰা ২০২২-২৩ বৰ্ষৰ বাজেট সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আছাম ৰিয়েল ইষ্টেট ইনফ্ৰাষ্টাকছাৰ ডেভল’পাৰ্ছ এছ’চিয়েশ্যন চমুকৈ ‘এৰিডা’ৰ  প্ৰতিষ্ঠাপক সভাপতি পি কে শৰ্মাই। বাজেট সন্দৰ্ভত শৰ্মাই কয় যে "চহৰীয়া গৃহৰ গুৰুত্ব আৰু চহৰীয়াকৰণৰ ক্ৰমবৰ্দ্ধিত গতিক স্বীকৃতি প্ৰদান কৰা হৈছে ।কেন্দ্ৰীয় বাজেটত নগৰ পৰিকল্পনা আৰু উন্নয়নৰ বাবে উচ্চ পৰ্যায়ৰ কমিটী গঠন কৰাৰ কথা কোৱা হৈছে । তদুপৰি সমগ্ৰ দেশৰ বাবে আধুনিক গৃহ নিৰ্মাণ বিধি প্ৰৱৰ্তন কৰাৰ কথা বাজেটত কোৱা হৈছে । সেইদৰে দেশৰ যিকোনো প্ৰান্তৰ পৰা পঞ্জীয়ন প্ৰক্ৰিয়াৰ বাবে National generic document registration system ব্যৱস্থাক আৰু অধিক ত্বৰান্বিত কৰা হ'ব ।" শৰ্মাই লগতে কয় যে প্ৰধানমন্ত্রী আৱাস যোজনাৰ অধীনত ৮০ লাখ ঘৰ সম্পূৰ্ণ কৰাৰ দিশত ৪৮ হাজাৰ কোটি টকাৰ অনুমোদন কৰাটো  আদৰণীয় ।আনহাতে নগৰাঞ্চলত বহনক্ষম আৱাসৰ বাবে ভূমি আৰু নিৰ্মাণ সম্পৰ্কীয় অনুমতিৰ ক্ষেত্রত বিশেষ অগ্ৰাধিকাৰ দিয়াৰ ওপৰত বাজেটত গুৰুত্ব প্ৰদান কৰা হৈছে । সেইদৰে এইক্ষেত্রত অনলাইন ব্যৱস্থাৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ লগতে ভূমি ৰেকৰ্ড ডিজিটেলাইজেচন কৰাৰ কথাও কোৱা হৈছে । শৰ্মাই কয় যে ২০২২-২৩ত ৰাষ্ট্ৰীয় ঘাইপথ নেটৱৰ্ক ২৫ হাজাৰ কিলোমিটাৰলৈ সম্প্ৰস‍াৰিত হ'ব ।

Your Comments