চৰাইদেউ জিলাৰ সোণাৰিত উৎকোচ লৈ আৰক্ষীৰ জালত পৰিল পঞ্চায়ত সচিবসহ গুৱাহাটীৰ ৫জনকৈ হিচাপ পৰীক্ষক । ধৃত হিচাপ পৰীক্ষককেইজনে সোণাৰিৰ বিভিন্ন গাঁও পঞ্চায়তৰ দুৰ্নীতিগ্ৰস্ত সম্পাদকৰ পৰা ধন সংগ্ৰহ কৰিছিল ৷
বিভিন্ন অনিয়মৰ পৰা সম্পাদককেইজনক ৰক্ষা কৰাৰ বাবে ধন সংগ্ৰহ কৰি অহাৰ সময়তে চৰাইদেউ আৰক্ষীয়ে গোপন তথ্যৰ ভিত্তিত এই ৫জন হিচাপ পৰীক্ষকক আটক কৰিবলৈ সক্ষম হয় ।
ধৃত হিচাপ পৰীক্ষককেইজন হ'ল গুৱাহাটীৰ এ জি কাৰ্যালয়ৰ বিষয়া ৰফিকুদ্দিন আহমেদ, চৈকৎ ভট্টাচাৰ্য, হেম বাহাদুৰ, সুব্ৰত দুৱৰা আৰু নগাঁৱৰ যুগল কিশোৰ তামুলী ৷ অভিযানত চৰাইদেউৰ অতিৰিক্ত উপায়ুক্ত তথা দণ্ডাধীশ প্ৰণৱ কুমাৰ বৰাৰ নেতৃত্বত সোণাৰিৰ হোটেল গ্ৰিনভিউৰ ৭নং কোঠাত হিচাপ পৰীক্ষক ৫জনে গোপনে ধনৰ লেনদেন কৰি থকাৰ অৱস্থাত হাতে-লোটে আটক কৰে চৰাইদেউ আৰক্ষীয়ে ।
সুৰজিত পাল নামৰ গাঁও পঞ্চায়তৰ সম্পাদকজনে গুৱাহাটীৰ হিচাপ পৰীক্ষকৰ দলটোক সহায় কৰিছিল উৎকোচ লোৱাৰ ক্ষেত্ৰত । পালকো চৰাইদেউ আৰক্ষীয়ে আটক কৰিছে । বৰ্তমান আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে ।
- Log in to post comments
- 20 views