গুৱাহাটীৰ তেল শোধানগাৰ চিকিৎসালয়ত নাৰ্ছক ধৰ্ষণৰ অভিযোগ চিকিৎসক ডাঃ ভাস্কৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে

A

নিউজ ডেস্ক:

গুৱাহাটী নুনমাটিস্থিত তেল শোধনাগাৰৰ চিকিৎসালয়ত অঘটন।কৰ্তব্যত নিয়োজিত থকা এগৰাকী নাৰ্ছক চিকিৎসালয়খনৰ এগৰাকী চিকিৎসকে বলপূৰ্বক ভাৱে যৌন নিৰ্যাতনৰ অপচেষ্টা চলোৱাৰ গুৰুতৰ অভিযোগ।অভিযোগ মতে সুৰামত্ত অৱস্থাত থকা চিকিৎসক ডাঃ ভাস্কৰজ্যোতি বৰুৱাই কৰ্তব্যৰত নাৰ্ছ গৰাকীক  টানি আজুৰি নিজৰ কোঠালিলৈ নিয়ে।ভুক্তভোগী নাৰ্ছ গৰাকীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিতেই ইতিমধ্যে নুনমাটি থানাত গোচৰ ৰুজু হোৱা বুলিও জানিব পৰা গৈছে।নাৰ্ছ গৰাকীৰ এজাহাৰৰ ভিত্তিত চিকিৎসক গৰাকীক আৰক্ষীয়ে বিচাৰি আছে যদিও বৰ্তমানলৈ নুনমাটি আৰক্ষীয়ে অভিযুক্ত চিকিৎসক গৰাকীক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই।আনহাতে চিকিৎসালয়ৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ ডাঃ বৰুৱাক।
প্ৰাপ্ত খবৰ মতে এজাহাৰ দিয়াৰ ২৪ঘণ্টা ইতিমধ্যে সম্পূৰ্ন হোৱা বুলিও ভুক্তভোগীয়ে কয়।

Your Comments