ডিব্রুগড় জিলা কৰ্মচাৰী পৰিষদৰ সম্পাদক দিলীপ সিঙৰ পদত্যাগ

ডিব্রুগড় জিলা কৰ্মচাৰী পৰিষদৰ সম্পাদক দিলীপ সিঙৰ পদত্যাগ

ডিব্ৰুগড় জিলা কৰ্মচাৰী পৰিষদৰ অধিৱেশনৰ প্ৰাক্‌মুহূৰ্তত আজি পৰিষদৰ জিলা সাধাৰণ সম্পাদক দিলীপ সিঙে পদত্যাগ কৰে ।

বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদমেলত পৰিষদৰ জিলা সাধাৰণ সম্পাদক দিলীপ সিঙে ডিব্ৰুগড় জিলা কৰ্মচাৰী পৰিষদত ঘূণে ধৰা বুলি অভিযোগ উত্থাপন কৰিছে ।

২০১৪ চনত নাহৰকটীয়াত অনুষ্ঠিত জিলা কৰ্মচাৰী পৰিষদৰ অধিশেনত সাধাৰণ সম্পাদক হিচাপে দায়িত্ব গ্ৰহণ কৰা দিলীপ সিঙৰ পদত্যাগৰ পিছতে কৰ্মচাৰী পৰিষদত তীব্ৰ জোকাৰণিৰ সৃষ্টি হৈছে ।

সদৌ অসম কৰ্মচাৰী পৰিষদৰো তিনিটা কাৰ্যকালৰ সাংগঠনিক সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰা দিলীপ সিং বৰ্তমান অ'বিবি শিক্ষক সন্থাৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সাধাৰণ সম্পাদকৰ দায়িত্বত আছে ।

আজি তেওঁ সংবাদমেলত কয় যে মোৰ জীৱনলৈ প্ৰচণ্ড ভাবুকি আহিছে । আঞ্চলিক কৰ্মচাৰী পৰিষদৰ সম্পাদকে জিলা কৰ্মচাৰী পৰিষদৰ সম্পাদকৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা বুলিও অভিযোগ উত্থাপন কৰে সদ্য পদত্যাগী পৰিষদৰ নেতা দিলীপ সিঙে ।

সংবাদমেলত সিঙে ডিব্ৰুগড় জিলা কৰ্মচাৰী পৰিষদখন সৎ আৰু নিকা ব্যক্তিক লৈ গঠন কৰিবলৈ আহ্বান জনায় । ইপিনে সিঙে আজি তেওঁৰ পদত্যাগ-পত্ৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি আৰু সম্পাদকলৈ প্ৰেৰণ কৰিব বুলি জানিবলৈ দিয়ে ।

উল্লেখ্য যে সিঙে সদৌ অসম অ'বিবি শিক্ষক সন্থাৰ হৈ কৰ্মচাৰী পৰিষদক প্ৰতিনিধিত্ব কৰি আছিল ।

ইয়াৰ লগে লগে আজি তেওঁ পৰিষদৰ প্ৰাথমিক সদস্যৰ পৰাও পদত্যাগ কৰিব বুলি জানিবলৈ দিয়ে ।

Your Comments