পুনৰ টকাৰ মূল্য অৱনমন : দুদিনতে শ্বেয়াৰ বজাৰত লোকচান ২.৭২ লাখ কোটি

পুনৰ টকাৰ মূল্য অৱনমন : দুদিনতে শ্বেয়াৰ বজাৰত লোকচান ২.৭২ লাখ কোটি

ভাৰতৰ মূলধনী বজাৰত মাত্ৰ দুটা দিনৰ ভিতৰতে বিনিয়োগকাৰীসকলৰ লোকচানৰ পৰিমাণ হৈছেগৈ কমেও ২.৭২ লাখ কোটি টকা ৷ সোমবাৰৰ দৰে মঙলবাৰেও দ্বিতীয় দিনত ভাৰতীয় শ্বেয়াৰ বজাৰত ভয়ংকৰ খহনীয়া অব্যাহত থাকে ৷

ভাৰতীয় শ্বেয়াৰ বজাৰত ছেনছেক্স সোমবাৰে ৫০৫ পইণ্ট নামি যোৱাৰ বিপৰীতে মঙলবাৰেও ৩০০ পইণ্ট হ্ৰাস পায় ৷ ফলত দুটা দিনত বিনিয়োগকাৰীসকলৰ লোকচানৰ পৰিমাণ হয়গৈ ২.৭২ লাখ কোটি টকা ৷

পুনৰ টকাৰ মূল্য অৱনমন : দুদিনতে শ্বেয়াৰ বজাৰত লোকচান ২.৭২ লাখ কোটি

সোমবাৰে লোকচানৰ পৰিমাণ আছিল ১,১৪,৬৭৬ কোটি টকা ৷ শ্বেয়াৰ বজাৰত এই ভয়ংকৰ বিপৰ্যয় চলি থকাৰ মাজতেই মঙলবাৰে পুনৰ সৰ্বকালৰ অভিলেখ ভঙ্গ কৰি ভাৰতীয় টকাৰ মূল্য হ্ৰাস পায় ৷

প্ৰতি ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্ৰাৰ বিনিময় হাৰ হয়গৈ ৭২.৯৭ টকা ৷ উল্লেখ্য যে যোৱা ১২ ছেপ্টেম্বৰত ভাৰতীয় মুদ্ৰাৰ সৰ্বনিম্ন মূল্য হৈছিলগৈ প্ৰতি ডলাৰত ৭২.৯১ টকা ৷ মঙলবাৰে সেই অভিলেখো ভঙ্গ হয় ৷

পুনৰ টকাৰ মূল্য অৱনমন : দুদিনতে শ্বেয়াৰ বজাৰত লোকচান ২.৭২ লাখ কোটি

ভাৰতীয় টকাৰ মূল্যৰ অধোগতি বন্ধ কৰাৰ কাৰণে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিত্তমন্ত্ৰী অৰুণ জেটলিয়ে যোৱা সপ্তাহত এক জৰুৰী বৈঠকত কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰে যদিও সেই ব্যৱস্থাসমূহে কোনো ফল দিয়া নাই ৷

অসহায় অৱস্থাৰ সন্মুখীন হোৱা মোডী চৰকাৰৰ বিত্তমন্ত্ৰী অৰুণ জেটলিয়ে পৰিস্থিতিৰ ওপৰত এক প্ৰকাৰ আত্মসমৰ্পণ কৰিয়েই কয় যে টকাৰ মূল্য কমি গৈ থকাৰ ক্ষেত্ৰত ভাৰতৰ কোনো হাত নাই ৷

পুনৰ টকাৰ মূল্য অৱনমন : দুদিনতে শ্বেয়াৰ বজাৰত লোকচান ২.৭২ লাখ কোটি

 চীন-মাৰ্কিন বাণিজ্যিক যুদ্ধৰ ফলতেই ভাৰতীয় মুদ্ৰাৰ ওপৰত আঘাত নামি আহিছে বুলি জেটলিয়ে দাবী কৰে ৷
মঙলবাৰে মুম্বাই শ্বেয়াৰ বজাৰত ছেনছেক্স ৩০০ পইণ্ট হ্ৰাস পাই ৩৭,২৯০.৩৭ পইণ্ট হৈছেগৈ ৷

মঙলবাৰে নেচনেল ষ্টক এক্সচেঞ্জৰ সূচক নিফটিৰ হাৰো হ্ৰাস পাই ১১,২৭৮.৯০ পইণ্ট হৈছেগৈ ৷  

Your Comments