পূব গুৱাহাটী সমষ্টিৰ দুৰাৰোগ্য ৰোগত আক্রান্তলৈ মুখ্যমন্ত্ৰী বিশেষ সাহায্য পুঁজিৰ চেক প্ৰদান

A

নিউজ ডেস্ক:

মঙলবাৰে ৫৩নং পূৱ গুৱাহাটী সমষ্টিত দুৰাৰোগ্য ৰোগত আক্ৰান্ত ৰোগীৰ পৰিয়াললৈ মুখ্যমন্ত্ৰী বিশেষ সাহায্য পুঁজি বিতৰণ কৰে বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই।৪৯ গৰাকী ৰোগীৰ পৰিয়ালক প্ৰথম পৰ্যায়ত প্ৰদান কৰা হয় সাহায্য।  

গুৱাহাটীৰ বৰা চাৰ্ভিছ সাগৰ ব্ৰীজ প্লাজাত বিশেষ সাহায্য পুঁজিৰ চেক  সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই বিতৰণ কৰে।উল্লেখ্য যে ,সাহায্য পুঁজি সৰ্বাধিক এক লাখ টকাৰ বিতৰণ কৰা হয়।প্ৰায় ৩০লাখ টকাৰ চেক মঙলবাৰে বিতৰণ কৰে বিধায়ক গৰাকীয়ে।

Your Comments