ক'ভিডৰ টিকাকৰণ সন্দৰ্ভত হোজাই জিলা উপায়ুক্তৰ সংবাদমেল

A


নিউজ ডেস্ক:

ক'ভিডৰ টিকাকৰণ সন্দৰ্ভত হোজাই জিলা উপায়ুক্তৰ সংবাদমেল।
ৰাজ্যখনৰ বিভিন্ন জিলাৰ সমান্তৰালকৈ হোজাই জিলাতো ২৯ নবেম্বৰৰ পৰা ৫ ডিচেম্বৰ তাৰিখলৈকে " হৰ ঘৰ দস্তক " কাৰ্য্যসূচী চলিব।
ঘৰে ঘৰে গৈ কোন কোন ব্যক্তিয়ে প্ৰথম পালি হলেও ভেকচিন লোৱা নাই তাক নিৰীক্ষণ কৰা হ'ব।
হোজাই জিলাখনত প্ৰায় ৬ লাখ ৩০ হাজাৰ মানুহক ভেকচিন দিয়া পৰিকল্পনা হাতত লোৱা হৈছে।
বৰ্তমানলৈকে হোজাই জিলাত ৬ লাখ ২৫ হাজাৰ লোকক ইতিমধ্যেই প্ৰথম পালি ভেকচিন দিয়া হৈছে।শতাংশ হিচাপে ৯৯.২% ভেকচিন দিয়া হৈছে।
অহা ৫ ডিচেম্বৰৰ ভিতৰত ১০০% লোকক হোজাই জিলাত  প্ৰথম ভেকচিনৰ টিকাকৰণ  সম্পূর্ণ কৰা হ'ব। আনহাতে, বৰ্তমানলৈকে হোজাই জিলাত প্ৰায় ৪ লাখ ২০ হাজাৰ মানুহক দ্বিতীয় পালি ভেকচিন দিয়া হৈছে  । শতাংশ হিচাপে ৬৭% লোকক জিলাখনত ভেকচিন দিয়া হৈছে।
প্ৰথম পালি ভেকচিনৰ সমান্তৰাল ভাবে দ্বিতীয় পালিও ভেকচিন হোজাই জিলাত চলি আছে।
উক্ত সংবাদমেলত হোজাই জিলা উপায়ুক্ত অনুপম চৌধুৰী সহ জিলা স্বাস্থ্য বিষয়া ৰঞ্জু ৰাজখোৱা, আৰক্ষী অধীক্ষক বৰুণ পুৰুকায়স্হ,সচিব মৃদুল মহন্ত উপস্থিত থাকে।

 

Your Comments