টাৰ্গেট ১০ডিচেম্বৰ:কামৰূপ(ম)ত ১০০% কভিড ভেকচিন প্ৰদানৰ লক্ষ্য জিলা প্ৰশাসনৰ

A

B

নিউজ ডেস্ক:

কামৰূপ মহানগৰ জিলাত অহা ১০ডিচেম্বৰৰ ভিতৰত ১০০শতাংশ ক'ভিড ভেকচিন প্ৰদানৰ লক্ষ্য জিলা প্ৰশাসনৰ।আজিৰে পৰা জিলাখনত প্ৰধানমন্ত্ৰী 'Har Ghar Dastak'ভেকচিন প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ কথা সংবাদমেলৰ জৰিয়তে ঘোষণা কৰে উপায়ুক্ত পল্লৱ গোপাল ঝাঁই।

উল্লেখ্য যে, সমগ্ৰ জিলাখনত বৰ্তমান  ২২লাখ ৮৩হাজাৰ ৪৪৫টা কভিড ভেকচিন প্ৰদান কৰা হৈছে।তাৰে
১২লাখ ৭৩হাজাৰ ৯৩টা প্ৰথম পালিৰ বিপৰীতে ১০ লাখ ১০ হাজাৰ ৩৫২টা দ্বিতীয় পালি ভেকচিন।জিলাখনৰ মুঠ ৫টা জ'নত বিভক্তৰে ভেকচিন প্ৰদান কৰি থকা বুলি তেওঁ কয়।

সমগ্ৰ জিলাখনত ১১৮শতাংশ প্ৰথম পালি ভেকচিন সম্পূৰ্ণ হোৱাৰ বিপৰীতে ৯৩শতাংশ দ্বিতীয় পালি সম্পূৰ্ন হৈছে।

উপায়ুক্ত গৰাকীৰ কামৰূপ(ম) জিলাৰ সমষ্টি ভিত্তিত ভেকচিন প্ৰদানৰ তথ্য মতে দিছপুৰ সমষ্টি ৪১২পুলিং ষ্টেচন আছে।২০৫টাত ১০০শতাংশ, ২৬টাত ৯৫-২০০ শতাংশ,১৮১টা ষ্টেচনত তথ্য সমগ্ৰ জৰীপ চলি আছে।

পশ্চিম গুৱাহাটী সমষ্টিত ৩০৫টা পুলিং ষ্টেচন আছে।২২২টা ১০০ শতাংশ, ২৯টা ৯৫-২০০শতাংশ, ৫৪টা তথ্য সংগ্ৰহৰ জৰীপ চলি আছে।

পূব গুৱাহাটী সমষ্টিত ২৪৪টা পুলিং ষ্টেচন আছে।২০৬টাত ১০০শতাংশ,১৬টাত ৯৫-২০০ শতাংশ, ১টা ৮২-৯৫শতাংশ, ২১টা তথ্য সংগ্ৰহ জৰীপ চলি আছে।

জালুকবাৰী সমষ্টি ৭১টা সমষ্টি কামৰূপ মহানগৰৰ ভিতৰত পৰে। ৪১টা ১০০শতাংশ, ১টা ৯৫-২০০ শতাংশ, ২টা ৮২-৯৫শতাংশ, ২৭টা তথ্য সমগ্ৰ জৰীপ চলি আছে।

সমগ্ৰ জিলাখনৰ মুঠ ১০৩২ পুলিং ষ্টেচনৰ ৬৭৪টা ১০০শতাংশ, ৯২টা ৯৫-২০ শতাংশ, ৩টা ৮২-৯৫ শতাংশ, ২৮৩টা তথ্য সমগ্ৰৰ জৰীপ চলি আছে।

ইফালে ১০০শতাংশ সম্পূৰ্ন হোৱা অঞ্চলত কোনো লোক বাদ পৰি গলে তেওঁলোকক ভেকচিন লোৱা বাবে উৎসাহিত কৰা হ'ব।একেদৰে বাহিৰত যোৱা সকলে ভেকচিন গ্ৰহণ কৰিছে নে নাই তাৰ নিশ্চিত কৰা হ'ব বুলি উপায়ুক্ত ঝাই কয়।

ইফালে সমগ্ৰ জিলাখনত ভেকচিন প্ৰক্ৰিয়াত কোনোলোক যাতে বাদ নপৰে তাৰ বাবে তত্বাৱধায়ক নিযুক্তি দিয়া কথাও তেওঁ জানিব দিয়ে।

Your Comments