গৌতম গম্ভীৰলৈ ISISৰ এটাৰ পিছত আন এটা ভাবুকিপূৰ্ণ মেইল

A


নিউজ ডেস্ক:
পূব দিল্লীৰ বিজেপি সাংসদ তথা প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ গৌতম গম্ভীৰক হত্যাৰ ভাবুকি।প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ গৰাকীক সন্ত্ৰাসবাদী সংগঠন আই এছ আই এছ কাশ্মীৰে হত্যাৰ ভাবুকি প্ৰদান কৰে ।
জানিব পৰা মতে, গৌতম গম্ভীৰক তেওঁৰ ইমেইলযোগে হত্যাৰ ভাবুকি দিয়া হৈছে৷ এই মেইলৰ পিছত দিল্লী আৰক্ষীয়ে গৌতম গম্ভীৰৰ ঘৰৰ বাহিৰত নিৰাপত্তা অধিক কটকটীয়া কৰি তুলিছে৷ সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, এটা মেইলত কোৱা হৈছে, “আমি আপোনাক হত্যা কৰিব বিচাৰিছিলো, কিন্তু আপুনি কালি বাচি গৈছিল। যদি আপুনি আপোনাৰ জীৱন আৰু আপোনাৰ পৰিয়ালক ভাল পায়, ৰাজনীতি আৰু কাশ্মীৰৰ বিষয়টোৰ পৰা আঁতৰি থাকক।” কেৱল সেয়াই নহয়, এই ইমেইলটোত গম্ভীৰৰ ঘৰৰ বাহিৰত এটা ভিডিঅ’ শ্বুট কৰিও পঠিওৱা হৈছে।

Your Comments