আজি গুজৰাটৰ পৰা অসমলৈ অনা হ'ব ১০৮ জনী গীৰ গাই

A


নিউজ ডেস্ক:
গৰুখুটি প্ৰকল্পৰ বাবে আজি গুজৰাটৰ পৰা অসমলৈ অনা হ’ব ১০৮জনী গীৰ গাই ।দৈনিক ১০ লাখ লিটাৰ গাখীৰ উৎপাদনৰ উদ্দেশ্যৰে ৰাজ্য চৰকাৰে অসমলৈ আনিব গীৰ প্ৰজাতিৰ গাই। উল্লেখ্য যে ,দৰং জিলাৰ গৰুখুঁটি অঞ্চলৰ পৰা অবৈধ দখলকাৰীসকলক উচ্ছেদ কৰাৰ পিছতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গৰুখুঁটিত কৃষি প্ৰকল্প স্থাপনৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিছিল।এই কৃষি পামক পূৰ্ণ পৰ্যায়ৰ ৰূপ দিবলৈ চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাক কেবিনেট মৰ্যাদা প্ৰদান কৰি দায়িত্ব অৰ্পণ কৰা হৈছিল।এই সন্দৰ্ভত পদ্ম হাজৰিকাই কয় যে - এই গৰুখুঁটি প্ৰকল্পতে মাছ, মাংস, কণী, হাঁহ, কুকুৰা,পাৰ, গাহৰি সকলো উপলব্ধ হোৱাৰ লগতে বেদখলমুক্ত ভূমিত আৰম্ভ হ’ব হস্ততাত প্ৰকল্পও। 

Your Comments