শাৰীৰিক, মানসিক, সামাজিক, আধ্যাত্মিক এইসকলো ধৰণৰ স্বাস্থ্যৰহে এজন মানুহক সুস্বাস্থ্যৱান বুলি বিবেচনা কৰিব পাৰো । কিন্তু বৰ্তমান সময়ত আমাৰ দৰে দেশত মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত আমিবোৰ এতিয়াও কম সচেতন । এই উদ্দেশ্য আগত ৰাখিয়ে ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য কাৰ্যসূচীৰ অধীনত দৰং জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত আৰু মানসিক ৰোগ বিভাগ, মঙলদৈ অসামৰিক চিকিৎসালয়ৰ সহযোগত জিলাৰ বিভিন্ন ঠাইত সজাগতামূলক সভা অনুষ্ঠিত কৰি অহা হৈছে ।
এই উদ্দেশ্য আগত ৰাখি ১৫ ছেপ্টেম্বৰত মঙলদৈৰ আগশাৰীৰ ব্যক্তিগত শিক্ষানুষ্ঠান ৰঞ্জিত শৰ্মা একাডেমিত স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্য সম্বন্ধীয় এখন সজাগতা সভা অনুষ্ঠিত হৈ যায় । এই সভাত উপষ্ঠিত থাকে ক্ৰমে মঙলদৈ বিধানসভা সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাস, দৰং জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ ৰুপলাল নুনীচা, মুখ্য স্বাস্থ্য বিষয়া ডাঃ জে এম কটকী, মনোৰোগ বিশেষজ্ঞ ডাঃ মুনীন্দ্ৰ মেধি, মনোবিজ্ঞানী পুষ্প কলিতা, আৰ বি এছ কেৰ মনোবিজ্ঞানী ৰিম্পী চুলতানা, মানসিক সমাজসেৱী প্ৰাঞ্জল ঠাকুৰীয়াকে ধৰি বিভাগীয় বিষয়া-কৰ্মচাৰীসকল ।
ৰঞ্জিত শৰ্মা একাডেমিৰ অধ্যক্ষ গিৰিন্দ কুমাৰ শৰ্মাৰ উপষ্ঠিতিত অনুষ্ঠিত এই সভাখনৰ আতধৰে শিক্ষক মোজাহিৰুল ইছলামে । তিনি শতাধিক ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়ত্ৰী উপষ্ঠিত থকা এই সভাত বিধায়ক গুৰুজ্যোতি দাসে ছাত্র-ছাত্ৰীসকলে কেৰিয়াৰ নিৰ্দ্ধাৰণ কৰাৰ সময়ত মানসিক চাপত নপৰি কেৰিয়াৰ কাউঞ্চিলিঙৰ ওপৰত গুৰুত্ব দিবলৈ মতপোষন কৰে আৰু যিকোনো মানসিক চাপৰ সন্মুখীন হ'লে সেই সমস্যা লুকাই নথৈ তাক নিৰাময়ৰ ব্যৱস্থা কৰিৱলৈ কয় ।
সভাত মনোবিজ্ঞানী ৰিম্পী চুলতানাই স্লাইডৰ সহায়ত কৈশোৰ অৱস্থাত হ'ব পৰা সমস্যাৰ বিষয়ে আলোপাত কৰে লগতে ম'ৱাইল ফোনৰ ব্যৱহাৰ সম্পৰ্কত বিশদ আলোচনা আগবঢ়াই । ইয়াৰোপৰি যুটীয়া স্বাস্থ্য সঞ্চালক তথা আন দুগৰাকী চিকিৎসকেও ছাত্ৰ-ছাত্ৰীৰ মানসিক দিশৰ ওপৰত বক্তব্য ৰাখে লগতে ছাত্ৰ-ছাত্ৰীৰ মাজৰ পৰা অহা মানসিক স্বাস্থ্য সম্পৰ্কীয় প্ৰশ্নৰো বিশ্লেষনাত্মক উত্তৰ আগবঢ়াই ।
- Log in to post comments
- 54 views