কাইলৈ বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা

ff

অসমৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰী গুৱাহাটীটো দেখা পোৱা গ'ল বিশেষ আয়োজন । বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা উপলক্ষে দোকানে দোকানে ভৰি পৰিছে বিশ্বকৰ্মাৰ মৃন্ময় মূৰ্তি লগতে ৰং-বিৰঙী মালাৰে। 

মহানগৰীৰ প্ৰতিখন বজাৰতে এতিয়া কেঁচা ফুলৰ মালা, কলপুলি, পদুম ফুলৰ কলি, ৰবাব টেঙা, কুঁহিয়াৰ, মাটিৰ চাকি উপলব্ধ । পূজাৰ বাবে প্ৰয়োজনীয় সামগ্ৰীৰ উপৰিও পূজাৰ নৈবদ্য ক্ৰয়ৰ বাবে দোকানত ভিৰ কৰিছে গ্ৰাহকেসকলে । 

dd

বিশ্বকৰ্মা পূজা উপলক্ষে দেওবাৰে মহানগৰীৰ বজাৰত পূজাৰ সামগ্ৰীসমূহৰ দাম হৈছে এনেধৰণৰ-বিশ্বকৰ্মা মৃন্ময় মূৰ্তি : ১০০-১২০০ টকা (আকৃতি অনুসৰি), কল : ৫০-৮০ (এক আশীত), পদুমৰ কলি : এটাত ৫ টকা, কলপুলি : ৪ তাত ১০০-১৫০ টকা, কেঁচা ফুলৰ মালা : এডালত ৩০-৪০ টকা,  প্লাষ্টিকৰ মালা : ২০-৮৪০  টকা, কুঁহিয়াৰ : এডালত ৩০-৪০ টকা, ৰবাব টেঙা : এটাত ১৫ টকা, আমপাত একমুঠি : ২০ টকা, কেঁচা নাৰিকল : ৩০ টকা, আপেল : কেজি ১২০ টকা, 
আম : কেজি ১৫০ টকা, মাটিৰ চাকি : ২-১০ টকা (আকৃতি অনুসৰি), মাটিৰ টেকেলি : ২০-৪০ টকা ৷

gg

আনহাতে বিক্রেতাসকলে জনায় যে জি এছ টি বাবে মূল্যবৃদ্ধিৰ হোৱাৰ বাবে পূৰ্বৰ তুলনাত কৈ এইবাৰ গ্ৰাহকৰ সংখ্যা কম । কিন্তু মূল্যবৃদ্ধিকো নেওচি কম বেছি পৰিমানে গ্ৰাহকসকলে পূজাৰ সামগ্ৰী ক্ৰয় কৰা দেখা পোৱা গৈছে ৷

Your Comments