ঘগ্ৰাপাৰত বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ উদ‍্যোগত ক'ভিড যুদ্ধাসকলক সম্বৰ্ধনা

A

নিউজ ডেস্ক:

১০০ কোটি ভাৰতীয় জনসাধাৰণক ক'ভিড ভেকচিন দিয়াৰ ক্ষেত্ৰত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ আৰু মুখ্য সহযোগিতা আগবঢ়োৱা স্বাস্থ্য কৰ্মীসকলক ৰাজ‍্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে আজি ভাৰতীয় জনতা পাৰ্টি ঘগ্ৰাপাৰৰ--বড়িগোগ বনভাগ মণ্ডলৰ উদ‍্যোগত  পৈছাৰা ক'ভিড প্ৰতিষেধক কেন্দ্ৰত এই অনুষ্ঠান ৰূপায়ণ কৰা হয়।উল্লেখ্য  যে দেশৰ  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰচেষ্টাত সমগ্ৰ দেশত সফল ভাবে ১০০ কোটি ক'ভিড প্ৰতিষেধক দিয়াৰ যি মহান সফলতা তাৰ লগত সংগতি ৰাখি বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ  সভাপতি ডিম্বেশ্বৰ বেজবৰুৱাৰ নিৰ্দেশ মৰ্মে স্বাস্থ‍্য কৰ্মী সকলক সম্বৰ্ধনা আৰু এক মত-বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়।শক্তিকেন্দ্ৰৰ আহ্বায়ক পংকজ বেজবৰুৱাই  আঁত ধৰা মত-বিনিময় অনুষ্ঠানটিত বড়িগোগ বনভাগ মণ্ডলৰ বিজেপিৰ  সম্পাদক বুবুল দাসে অংশগ্ৰহণ কৰি ভাষণত বিজেপি চৰকাৰৰ অভিলাষী আঁচনিসমুহে সৰ্বসাধাৰণ ৰাইজক চুই যোৱাৰ কথা সদৰী কৰাৰ লগতে ক'ভিড ভেকচিনৰ উপকাৰিতাৰ কথাও উল্লেখ কৰে।অনুষ্ঠানটিত বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ  সামাজিক মাধ্যমৰ আহ্বায়ক বিশ্বজ‍্যোতি কলিতা,নলবাৰী জিলা মহিলা মৰ্চাৰ সদস্যা ধৰিত্ৰী ডেকাকে ধৰি ভাৰতীয় জনতা পাৰ্টিৰ বিভিন্ন কাৰ্যকৰ্তা বিষয়ববীয়া সমন্বিতে স্বাস্থ‍্য কৰ্মী সকল উপস্থিত থাকে।

Your Comments