অসম দন্ত চিকিৎসা সেৱা সন্থাৰ দীঘলীয়া আন্দোলনৰ কাৰ্যসূচী ঘোষণা, এই কেইটা দিনত বন্ধ থাকিব অপিডি সেৱা

A

নিউজ ডেস্ক:

ৰাজ্যৰ স্বাস্থ্য খণ্ডত দন্ত চিকিৎসাৰ শোচনীয় অৱস্থা।অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ অকৰ্মন্যতাত ক্ৰমাৎ বিধ্বস্ত হৈছে দন্ত চিকিৎসাৰ সেৱা।একৈশ শতিকাত অসমৰ দৰে এখন বিশাল জনবহুল ৰাজ্যত প্ৰাথমিক চিকিৎসালয়ৰ পৰা জিলা পৰ্যায়ৰ অসামৰিক চিকিৎসালয়ত দন্ত চিকিৎসকৰ পদৰ সংখ্যা ১৩০টা। ১৯৬৯চনতে সৃষ্টি হোৱা ১৩০টা দন্ত চিকিৎসকৰ পদত বৰ্তমান সময়ত ৮৫গৰাকীহে চিকিৎসক আছে।এই কথা বুধবাৰে সংবাদমেলত প্ৰকাশ  কৰে অসম দন্ত চিকিৎসা সেৱা সন্থাই।উল্লেখ্য যে ৰাজ্যখনত ১২০০খনকৈ প্ৰাথমিকৰ পৰা আৰম্ভ কৰি জিলা অসামৰিক চিকিৎসালয় আছে। প্ৰতিখন চিকিৎসালয়ত নূন্যতম এজনকৈ দন্ত চিকিৎসক থাকিব লাগে।কিন্তু অসমত বৰ্তমান মাত্ৰ ৮৫জন দন্ত চিকিৎসক।পানবজাৰ আমছা কাৰ্যালয়ত সম্বোধন কৰা সংবাদমেলত সন্থাৰ সভাপতি ডাঃ দিলীপ কুমাৰ শইকীয়াই কয়- প্ৰতি  ৫হাজাৰ জনতাৰ বিপৰীতে এজন দন্ত চিকিৎসক থাকিব লাগে।কিন্তু বৰ্তমান ৫০হাজাৰৰ বিপৰীতে আছে এজন দন্ত চিকিৎসক।

ৰাজ্যিক চৰকাৰী চিকিৎসালয়ত কৰ্মৰত দন্ত চিকিৎসকসকলেই একমাত্ৰ ৰাজপত্ৰিত বিষয়া য'ত প্ৰমোচন নহয়।৩বাৰকৈ পদোন্নতি এপ্রোভ হোৱাৰ পাছতো আমোলা বিষয়াৰ চক্ৰান্তত আজিলৈ নহ'ল দন্ত চিকিৎসকৰ পদোন্নতি- এই কথা সভাপতি গৰাকীয়ে লগতে কয়।দন্ত চিকিৎসক সকলৰ টাইম স্কেল ব্যৱস্থাৰো দাবী জনায়।

আনহাতে দন্ত চিকিৎসক সকলে তেওঁলোকৰ বিভিন্ন দাবী বৰ্তমান সময়তো পুৰণ নোহোৱাত ক্ষোভ প্ৰকাশ কৰি আমছা আন্দোলনৰ সমান্তৰালকৈ তেওঁলোকে ঘোষণা কৰিছে আন্দোলনৰ কাৰ্যসূচী।সেই অনুসৰি ১৯অক্টোবৰত ৩ঘণ্টা দন্ত অপিডি বন্ধ, ২২অক্টোবৰত সমগ্ৰ দিনজোৰা দন্ত অপিডি বন্ধ, ২৬, ২৭ আৰু ২৮অক্টোবৰত সম্পূৰ্ন দন্ত অপিডি বন্ধ, ১, ২, আৰু ৩ নৱেম্বৰত সম্পূৰ্ন বন্ধ থাকিব দন্ত অপিডি সেৱা।অৱশ্যে বন্ধৰ সময়ত জৰুৰীকালীন সেৱা বাহাল থাকিব ।এই কথা অৱগত কৰে সভাপতি গৰাকীয়ে।আনহাতে চৰকাৰে যদি আমছাৰ দাবী মানি লয় তেওঁলোকৰ প্ৰতিবাদ স্থগিত ৰাখিলেও আমাৰ সমস্যা সমাধান নোহোৱা পয্যন্ত প্ৰতিবাদ অব্যাহত থাকিব লগতে কয়।

সংবাদমেলত উপস্থিত থাকে উপ-সভাপতি ডাঃ শান্তনু কুমাৰ ভট্টাচাৰ্য।

Your Comments