নগাঁৱত  অনুসন্ধান শাখাৰ ভুৱা  বিষয়াক  গ্ৰেপ্তাৰ

ddd

নিজকে অপৰাধ অনুসন্ধান শাখাৰ বিষয়া বুলি পৰিচয় দি বিভিন্নজনক ভয়-ভাবুকি দি অহা এজন যুৱকক শুক্ৰবাৰে নগাঁৱৰ আৰক্ষীয়ে স্থানীয় ৰাইজৰ সহযোগত কৰায়ত্ত  কৰে । কৰায়ত্ত  কৰা  যুৱকজনক প্ৰিন্স খান । খানৰ ঘৰ নগাঁও চহৰৰ আজাদ নগৰত । প্ৰাপ্ত অভিযোগ অনুসৰি প্ৰিন্স খান নামৰ যুৱকজনে নগাঁও চহৰত বিভিন্নজনক নিজকে অনুসন্ধান শাখাৰ বিষয়া বুলি পৰিচয় দি আহিছিল ।

তদুপৰি  প্ৰিন্সে নিজৰ নম্বৰ প্লেটবিহীন বিলাসী বাহনখনত অসম আৰক্ষীৰ ল'গ' লগাই লৈছিল । শুক্ৰবাৰে এজন মটৰ চাইকেল আৰোহীক সামান্য অজুহাতত প্ৰিন্সে নিজকে অনুসন্ধান শাখা বিষয়া বুলি পৰিচয় দি ভাবুকি দিয়ে । যুৱকজনৰ উদ্ভন্দালিত অতিষ্ঠ হৈ  এটা সময়ত স্থানীয়লোক একত্ৰিত হৈ স্বয়ম্ভু বিষয়াজনক কৰায়ত্ত  কৰি  নগাঁও সদৰ থানাৰ আৰক্ষীক গতাই দিয়ে । পিছত নগাঁও  আৰক্ষীয়ে প্ৰিন্স খানক গ্ৰেপ্তাৰ কৰি বাহনখনো জব্দ কৰে ।

Your Comments