লংকাত মনিপুৰী সমাজৰ ইমা পান্হোইবী পূজা উদযাপন

A


নিউজ ডেস্ক:
সমগ্ৰ ৰাজ্যৰ লগতে হোজাইটো উলহ-মালহেৰে পালন কৰা হৈছে শাৰদীয় দূৰ্গা পূজা । তাৰ সমান্তৰাল ভাবে হোজাইৰ লংকাৰ পাঞ্চালীত মনিপুৰী সমাজে দূৰ্গা পূজাৰ সমান্তৰাল ভাবে পালন কৰিছে  ইমা পান্হোইবী পূজা। বিগত ১৪ বছৰৰ পৰা পাঞ্চালী মনিপুৰী সমাজে তেওঁলোকৰ ৰীতি- নীতি অনুসৰি পালন কৰি আহিছে এই পূজা ভাগ। উল্লেখ্য যে, উক্ত পূজা ভাগৰ মূৰ্তি ভাগ কাঠেৰে নিৰ্মাণ কৰা আৰু য'ত এটাও নাই গজাল বা আন সংযোগ কৰা ব্যবস্থা।। এখন ডাঙৰ কাঠত গাঁৱৰে এজন যুৱকে নিৰ্মাণ কৰি উলিয়াইছিল মা' ইমা পান্হোইবীৰ মূৰ্তি ভাগ । উক্ত পূজা ভাগত সন্ধিয়া মনিপুৰী সমাজৰ নীতি-নিয়ম অনুসৰি মা'ক আৰাধনা কৰা হয় ।। মা'ৰ আশীষ লবলৈ লংকাৰ লগতে হোজাই জিলাৰ দাঁতিকাষৰীয়া বিভিন্ন প্ৰান্তৰ পৰা ভক্তপ্ৰাণ ৰাইজ অহা পৰিলক্ষিত হৈছে ।

Your Comments