মহামানৱ মহত্মা গান্ধীৰ সপোনৰ স্বচ্ছ ভাৰতক বাস্তৱ ৰূপ দিবলৈ বৰ্তমানৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশত গঢ়ি তুলিছে স্বচ্ছতাৰ আন্দোলন ৷ এই আন্দোলনৰ লক্ষ্যৰে “স্বচ্ছতাই সেৱা” শীৰ্ষক এক বিশাল কাৰ্যসূচী আজি কামৰুপ জিলাৰ বকোত ৰূপায়ণ কৰে ৰাজ্যৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷
ৰাজ্য চৰকাৰৰ দ্বাৰা কেন্দ্ৰীয়ভাৱে আয়োজন কৰি বকোৰ দৰে অনুন্নত ঠাইত আজি মুখ্য মন্ত্ৰীয়ে পদাৰ্পণ কৰাত বকোবাসী উছাহত ফাটি পৰিছে ৷ মুখ্য মন্ত্ৰীয়ে ৰাজ্য চৰকাৰৰ অভিলাষী আচঁনি “মিছন ১০০”ৰ আজি বকোত শুভ উদ্ঘাটন কৰে সমগ্ৰ ৰাজ্যৰ বাবে ৷
অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দ্বাৰা ৰূপায়ণ কৰা ভিন্ন স্থানৰ বিশুদ্ধ পানী যোগান আঁচনি ১১০টা একে সময়তে উদ্ঘাটন কৰি ৰাইজৰ সুবিধাৰ বাবে মুকলি কৰে মুখ্য মন্ত্ৰীয়ে ৷
এই উপলক্ষে আজি বকোৰ ২নং ৰাজাপাৰাত নৱনিৰ্মিত পানী যোগান আঁচনিখন সুন্দৰ ৰূপত সজাই তোলা হৈছে ৷ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ গুৱাহাটী সংমণ্ডল-১ৰ বকোস্থিত উপ-সংমণ্ডলৰ বিষয়া বাবুল বড়োৰ তৎপৰতাত কে'বাদিনীয়া ব্যস্ততাৰ ফলত পৰিপূৰ্ণ হোৱা কাৰ্যসূচীৰ জৰিয়তে মুখ্য মন্ত্ৰীয়ে উদ্ধোধন কৰে “মিছন-১০০”৷
ৰাজাপাৰাত “মিছন ১০০” উদ্ঘাটনৰ পাছতে দিনৰ ১ বজাত বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ চৌহদৰ খেলপথাৰত বিশাল জনসভাত স্বচ্ছতাই সেৱা শীৰ্ষক সজাগতা সভাত অংশগ্ৰহণ কৰে মুখ্য মন্ত্ৰী সোণোৱালৰ লগতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহণ দৈমাৰী, সাংসদ বিজয়া চক্ৰৱৰ্তী, কামৰূপ জিলাৰ উপায়ুক্ত কমল বৈশ্য, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মুখ্য কাৰ্যবাহী বিষয়া, বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাস, পলাশবাৰী সমষ্টিৰ বিধায়ক প্ৰণৱ কলিতা,
বকোৰ প্ৰাক্তন বিধায়ক জ্যোতিপ্ৰসাদ দাস, বকো জে এন কলেজৰ অধ্যক্ষ নৃপেন গোস্বামী, স্বচ্ছ ভাৰত অভিযান (গ্ৰামীণ)ৰ মিছন সঞ্চালক ডঃ সিদ্ধাৰ্থ সিং, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অতিৰিক্ত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ, মুথ্য অভিযন্তা চোমো কুমাৰ বৰুৱা, অনাময় অভিযন্তা হৰমুজ আলী আদিকে ধৰি বহু বিষয়া ৷
বকো জে এন কলেজৰ খেলপথাৰত বিশাল সভাত মুখ্য মন্ত্ৰীগৰাকীয়ে কয়, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে চাৰিমাহ পুৰ্বে পৰিকল্পনা কৰি স্বচ্ছ ভাৰতৰ পদক্ষেপ গ্ৰহণ কৰিছিল ৷
সভা উদ্বোধন কৰে ডঃ সিদ্ধাৰ্থ সিঙে আৰু আদৰণী ভাষণ দিয়ে বকোৰ বিধায়িকা নন্দিতা দাসে ৷ সভাত মন্ত্ৰীসকলে “স্বচ্ছতাই সেৱা” আঁচনিৰ গুণাগুণ আৰু প্ৰাকৃতিক উপাদানৰ ওপৰত বহল ব্যাখ্যা দাঙি ধৰে ৷ শিক্ষা, স্বাস্থ্য, অৰ্থৰ ওপৰত চৰকাৰৰ কৰণীয়ৰ বিষয়ে দীঘলীয়া ভাষণ ৰাখে মুখ্য মন্ত্ৰীয়ে ৷
- Log in to post comments
- 24 views