ন্যায় বিচাৰি হাবাথুৰি খাইছে এটা পৰিয়ালে । হত্যাৰ ঘটনাক দূৰ্ঘটনাৰ ৰূপ ডবকা আৰক্ষীৰ । এটা মাহেও পোৱা নাই মৰণোত্তৰ পৰীক্ষাৰ তথ্য । হোজাই জিলাৰ খকনজুৰিৰ এটা পৰিয়ালে প্ৰকৃত ঘটনাৰ ন্যায় বিচাৰি হাবাথুৰি খাবলগা হৈছে । হত্যাৰ ঘটনাক দুৰ্ঘটনাৰ ৰূপ দিয়াৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ তথ্য নোপোৱাৰ দোহাই দি দায়িত্ব সামৰা বুলি ডৱকা আৰক্ষীৰ বিৰুদ্ধে অভিযোগ তুলিছে নিহত পৰিয়ালে । ঘটনাৰ বিৱৰণী মতে, যোৱা ৩১ জুলাই ২০১৮ তাৰিখে হোজাই জিলাৰ ডবকা থানাৰ অন্তৰ্গত খকনজুৰিৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত উদ্ধাৰ হৈছিল ৰাম প্ৰসাদ সতনামি নামৰ যুৱকজনৰ মৃতদেহ ।
পিছত ঘটনা স্থলীত ডবকা আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছিল । উল্লেখ্য যে এটা মাহ সম্পূৰ্ণ হোৱাৰ পিছতো লাভ কৰা নাই মৰণোত্তৰ পৰীক্ষাৰ তথ্য । ইফালে সমগ্ৰ ঘটনাটো এক দুৰ্ঘটনা বুলি তদন্ত কৰাৰ পৰা বিৰত আছে ডবকা আৰক্ষী । জানিবপৰা মতে নিহত ৰাম প্ৰসাদ সতনামি এজন ট্ৰাকৰ হেণ্ডিমেন, ৩০ জুলাই দিনা তেওঁ ঘৰত থকা অৱস্থাত নিশা গাঁৱৰে ট্ৰাক চালক ৰুপৌ সতনামি আৰু লক্ষণ সতনামিয়ে মাতি লৈ যায় ।
৩১ তাৰিখে পুৱা ঘাইপথৰ কাষত ৰাম প্ৰসাদ সতনামিৰ মৃতদেহ প্ৰত্যক্ষ কৰে স্থানীয় লোকে । পৰিয়ালৰ লোকে হত্যাৰ সন্দেহ কৰি উচিত তদন্ত বিচাৰি ঘটনা সন্দৰ্ভত ডবকা থানাত এজাহাৰ দাখিল কৰিছিল চালক ৰূপৌ সতনামি আৰু লক্ষণ সতনামি বিৰুদ্ধে । কিন্তু সমগ্ৰ ঘটনাটো আৰক্ষীয়ে এক দুৰ্ঘটনা বুলি কৈছে যদিও মানি লব খোজা নাই নিহত পৰিয়ালে ।
উল্লেখ্য যে ঘটনাৰ এমাহ অতিক্ৰম কৰাৰ পিছতো মৰণোত্তৰ তথ্য লাভ নকৰা আনফালে ঘটনা সংঘটিত হোৱাৰ পিছৰে পৰা চালক ৰূপৌ সতনামি আৰু লক্ষণ সতনামি পলাই থকা ঘটনাই এক ৰহস্যৰ সৃষ্টি কৰিছে ।
- Log in to post comments
- 11 views