কলিয়াবৰত জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই শুভ উদ্বোধন কৰে 'মিছন ১০০'ৰ

w

সমগ্ৰ অসমতে আজি একেদিনাই একে সময়তে ১০০ খন পাইপ পানী যোগান আঁচনিৰ ৰাজ্য চৰকাৰে শুভ উদ্বোধনৰ পৰিকল্পনা গ্ৰহণ কৰাৰ পৰিপ্ৰেক্ষিতত আজি কলিয়াবৰতো মুঠ চাৰিখন পাইপ পানীযোগান আঁচনিৰ শুভ উদ্বোধন কৰে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই । অঞ্চলটোৰ ৰাইজে এতিয়াৰে পৰা এই আঁচনিখনৰ যোগেদি বিশুদ্ধ পানী খাবলৈ সক্ষম হোৱাৰ লগতে দৰিদ্ৰ লোকসকলে উপকৃত হ'ব বুলি দেৱসত্ৰ পাইপ পানী যোগিন আঁচনিখনৰ শুভ উদ্বোধন কৰি মন্ত্ৰী কেশৱ মহন্তই এইদৰে কয়। এখন পৰিচালনা সমিতিৰে পৰিচালিত হ'ব লগা আঁচনিখনৰ দেৱসত্ৰ পাইপ পানী যোগান আঁচনিখনে মুঠ ছখন গাঁও সাঙুৰি লৈছে আৰু প্ৰায় ছশ ঘৰ গৃহস্থীয়ে এই আঁচনিৰ পৰা উপকৃত হ'ব পাৰিব বুলি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ  বিভাগীয় লোকে জানিবলৈ দিয়ে ।

কলিয়াবৰত জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই শুভ উদ্বোধন কৰে 'মিছন ১০০ৰ

কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি বিতোপন নেওগ, কলিয়াবৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ, কলিয়াবৰ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা হেমেন বৰা উপস্থিত থকা  সভাখনত উদ্দেশ্য ব্যাখ্যা কৰে  জনস্বাস্থ্য কাৰিকৰী বিভাগ, কলিয়াবৰ সংমণ্ডলৰ সহকাৰী অভিযন্তা হীৰেণ গোস্বামীয়ে। কলিয়াবৰত আজি দেৱসত্ৰ পাইপ পানীযোগান আঁচনি, চামগুৰি পাইপ পানী যোগান আঁচনি, পূব শিঙিমাৰী পাইপ পানী যোগান আঁচনি, উত্তৰ ৰৌমাৰী পাইপ পানী যোগান আঁচনিকে ধৰি মুঠ চাৰিখন আঁচনিৰ শুভ উদ্বোধন কৰে।

Your Comments