আগন্তুক লোকসভা নিৰ্বাচনলৈ কেইবা মাহমান বাকী থকা অৱস্থাত মঙলদৈ লোকসভা সমষ্টিৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ তৎপৰতা পৰিলক্ষিত হৈছে ।
বিশেষকৈ কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰৰ বিৰুদ্ধে ১০ ছেপ্টেম্বৰৰ ভাৰত বন্ধৰ ব্যাপক সফলতাৰ পিছত বিৰোধী কংগ্ৰেছ দলে বিজেপিৰ ভেটি উচ্ছেদৰ কাৰনে ৰণ কৌশল প্ৰস্তুত কৰিছে ।
দৰং-ওডালগুৰি-নলবাৰী আৰু কামৰূপ জিলাৰ ১০টা বিধানসভা সমষ্টিৰে গঠিত মঙলদৈ লোকসভা সমষ্টিত বৰ্তমানৰ বিজেপি সাংসদ ৰমেন ডেকাৰ দুৰ্বল সাংগঠনিক স্থিতি আৰু জনসম্পৰ্কহীনতাৰ সুযোগ ল'ব বিচাৰিছে বিৰোধী কংগ্ৰেছে ।
পিছে কোন হ'ব কংগ্ৰেছৰ সেই মহাৰথী যিয়ে মঙলদৈ লোকসভা সমষ্টিৰ বিজেপিৰ ১৫ বছৰীয়া ভেটি উছন কৰিব পাৰিব ? শেহতীয়াভাৱে কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্বৰ বাবে নাম চৰ্চালৈ আহিছে ডঃ জয়নাথ শৰ্মা, প্ৰাণজিৎ চৌধুৰী, প্ৰদ্যুৎ ভূঞা, জমন সিং ব্ৰহ্ম আদিৰ নাম ।
ইতিমধ্যে এইসকল কংগ্ৰছী নেতাই দলীয় সভা-সমিতিত সক্ৰিয় হোৱাৰ লগতে দিল্লীৰ স'তেও সঘন যোগাযোগ অব্যাহত ৰাখিছে । আনহাতে, প্ৰাক্তন সাংসদ মাধৱ ৰাজবংশীয়ে আজি মঙলদৈৰ বৰ্তমানৰ সাংসদ ৰমেন ডেকাৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে ।
দলীয় কৰ্মীৰ সৈতে হোৱা এক মত বিনিময় অনুষ্ঠানত সাংসদ ৰমেন ডেকাক ডেৰ লাখটকীয়া সাংসদ আখ্যা দিয়ে । গাঁৱৰ মন্দিৰ, নামঘৰৰ নামত ডেৰ লাখকৈ টকা দিয়া বুলি দাবী কৰা ৰমেন ডেকাই বিগত ১০ বছৰে মঙলদৈ লোকসভা সমষ্টিৰ বাবে কি কৰিলে তাৰ উত্তৰ দিয়াৰ সময় বুলি দাবী কৰে ।
"সাংসদ উন্নয়ন পুঁজিৰ বিগত ৫ বছৰৰ ২৫ কোটি আৰু ড'নাৰ মন্ত্ৰণালয়ে দিয়া ২৫ কোটি মিলি মুঠ ৫০ কোটি টকা সাংসদজনে ক'ত খৰচ কৰিলে ৰাইজক জনাওক বুলি প্ৰাক্তন সাংসদজনে দাবী কৰে ।
প্ৰথমবাৰৰ বাবে সাংসদ ৰমেন ডেকাৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে ৰাজবংশীয়ে । বিগত ১৫টা বছৰে মঙলদৈ লোকসভা সমষ্টিটো মিছা কথা আৰু প্ৰতিশ্ৰুতিৰে দখল কৰা বিজেপিয়ে কেইটা উদ্যোগ স্থাপন কৰিলে, ব্লাড বেংক স্থাপন কৰিলে বুলি প্ৰশ্ন কৰে ।
আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে দলীয় কৰ্মীসকলক সাজু হ'বলৈ আহবান জনোৱা প্ৰাক্তন সাংসদ মাধৱ ৰাজবংশীয়ে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাষণেৰে দেশ চলোৱা বুলিহে আখ্যা দিয়ে ।
উল্লখ্য যে সমাগত লোকসভা নিৰ্বাচনৰ বাবে দলীয় টিকট পোৱাটো বৰ্তমানৰ সাংসদ ৰমেন ডেকাৰ বাবে প্ৰত্যাহ্বান হিচাপে দেখা গৈছে । সাংসদগৰাকীৰ বিৰুদ্ধে একাংশ দলীয় কৰ্মী ক্ষোভিত হৈ পৰাৰ সময়তে মিত্ৰদল অগপ আৰু বিপিএফ অত্যন্ত ক্ষোভিত ।
বিশেষকৈ বিপিএফৰ কলাইগাঁও, পানেৰী, ওদালগুৰি আৰু মাজবাটৰ কোনো এজন বিধায়কে ৰমেন ডেকাই পুনৰ প্ৰাৰ্থিত্ব পোৱাটো বিচৰা নাই ।
এই সকলোবোৰ দিশৰে সুযোগ ল'ব বিচাৰিছে কংগ্ৰেছ দলটোৱে । সেয়ে কংগ্ৰেছ দলটোৱে মঙলদৈ লোকসভা সমষ্টিক লৈ বিশেষ গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে ।
- Log in to post comments
- 56 views