শ্বাহ-হিমন্তই ঘোষণা কৰা শান্ত অসমত আছফাৰ ম্যাদ বৃদ্ধি কিয়- অপূৰ্ব কুমাৰ ভট্টাচাৰ্য

A

নিউজ ডেস্ক:

'ছয় জনগোষ্ঠীৰ জনজাতিকৰনক লৈ বিজেপি চৰকাৰ নিমাত, নীৰৱ কিয়'?২০১৪ চনৰ লোকসভা আৰু ২০১৬ চনৰ বিধানসভাৰ নিৰ্বাচনৰ সময়ত চৰকাৰ গঠন কৰিয়ে ৰাজ্যৰ ছয়জনগোষ্ঠীক জনজাতিৰ মৰ্য্যদা দিয়া প্ৰতিশ্ৰুতি কি হ'ল?কেন্দ্ৰত নৰেন্দ্ৰ মোডী একেৰাহে সাত বছৰ শাসন আৰু জনজাতীয় মূলৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৫বছৰীয়া শাসন ,বৰ্তমান  ড০ হিমন্ত বিশ্ব শৰ্মা ১২৩ দিনীয়া চৰকাৰৰ শাসন চলি  আছে কিন্তু ছয় জনগোষ্ঠীৰ  জনজাতিকৰণৰ প্ৰতিশ্ৰুতি আজি প্ৰতিশ্ৰুতি হৈয়ে থাকিল'-চৰকাৰলৈ প্রশ্ন উত্থাপন তুলি গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই।জনজাতীয় পৰিক্ৰমা মন্ত্ৰী অসম  ভ্ৰমণলৈ  আহি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত জনালে মোডী চৰকাৰৰ গৱেষণা গাৰত ছয় জনগোষ্ঠীৰ জনজাতি কৰণ প্ৰক্ৰিয়াৰ গৱেষণাহে চলিছে- কংগ্ৰেছৰ সাধাৰণ সম্পাদক জনে এইদৰে কয়।
 
'জনজাতিকৰণৰ দাবীত দিল্লী- দিছপুৰ সৰ্বত্ৰতে আন্দোলন হ'ল। পূৰ্বৰ কংগ্ৰেছ চৰকাৰে আগবঢ়াই থোৱা প্ৰক্রিয়াৰ পৰা আগ নাবাঢ়িল কোনো ব্যৱস্থা'- গুৱাহাটী ৰাজীৱ ভৱনত মঙলবাৰে সম্বোধন কৰা সংবাদমেলত তেওঁ কয়।

আনহাতে অসমত পুনৰ ছমাহৰ বাবে অশান্ত অঞ্চল আইন-১৯৫৫ ম্যাদ গৃহমন্ত্ৰণালয়ে বৃদ্ধি কৰাৰ প্ৰসংগৰ আঁত ধৰি ভট্টাচাৰ্যই কয়- কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা মৰ্মে অসম শান্ত।অসমত এতিয়া কোনোধৰণৰ সন্ত্ৰাসবাদী কাৰ্য- কলাপ নাই।তেনে স্থলত অশান্ত অঞ্চল আইনৰ ম্যাদ বৃদ্ধি কৰাৰ কাৰণ কি?দেশৰ সমান্তৰালকৈ অসমত উপনিবেশিক শাসন বৰ্তাই ৰখা পদক্ষেপ নে বাকৰুদ্ধ হৈ পৰা গণতান্ত্ৰিক ব্যৱস্থাক নিশ্চিহ্ন কৰা প্ৰক্ৰিয়া'।

Your Comments