মাজুলীৰ প্ৰতি দায়িত্ব আছে, মাজুলীবাসীৰ মৰম-চেনেহ পাহৰিব নোৱাৰো- সৰ্বানন্দ সোণোৱাল

A

নিউজ ডেস্ক:


বুধবাৰে নিমাতী ঘাটত সংঘটিত ভয়ংকৰ নাওঁ দুৰ্ঘটনাক অত্যন্ত বেদনাদায়ক আখ্যা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।ভৱিষ্যতে এনেকুৱা ঘটনাৰ পুনৰ যাতে সংঘটিত নহয় তাৰ বাবে অত্যন্ত সজাগ-সচেতন হোৱাৰ আহ্বান প্ৰাক্তন মাজুলীৰ বিধায়ক গৰাকীৰ।

উল্লেখ্য যে মাজুলীৰ পৰা মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছে সৰ্বানন্দ সোণোৱাল।

'মাজুলীৰ ৰাইজে বাৰম্বাৰ নিষ্ঠাৰ  সঠিক কথা কৈ আহিছে দলংখন শীঘ্ৰে নিৰ্মান হ’ব লাগে, আমিও বিচাৰো দলংখন সময়মতে নিৰ্মান হৈ উঠাটো।কেন্দ্ৰীয়-ৰাজ্য চৰকাৰৰ যৌথ প্ৰচেষ্টাত কম সময়ৰ ভিতৰত দলংখন নিৰ্মাণৰ বাবে চেষ্টা কৰা হ’ব'- সোণোৱালে কয়।

ইফালে নাওঁ দুৰ্ঘটনাৰ বুজ লবলৈ শুকুৰবাৰে মাজুলীলৈ যাব কেন্দ্ৰীয় মন্ত্ৰী সোণোৱাল।স্থানীয় ৰাইজৰ সৈতে আলোচনাত মিলিত হ’ব বুলি তেওঁ কয়।

'মাজুলী দলঙৰ  কাম সম্পূৰ্ণ  কৰিমেই নিষ্ঠাৰে লাগিছো অন্যান্য দলঙত কৈ সোনকালে কাম হ’ব মাজুলী দলঙৰ’- আশ্বাস সোণোৱালৰ।

'মোৰ মাজুলী ৰাইজৰ প্ৰতি বিশেষ দায়িত্ব আছে।মাজুলী ৰাইজে যি মৰম-চেনেহ, আন্তৰিকতা দিছে তাক কেতিয়াও পাহৰিব নোৱাৰো' - সোণোৱালে কয়।

Your Comments