ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি বুধবাৰে নিশা সংঘটিত ঘটনা প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে ডিব্ৰুগড়ৰ ছাত্ৰ সমাজে ৷ বিশ্ববিদ্যালয়খনৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ ছাত্ৰ নৱ কুমাৰ ভৰালীক একাংশ ছাত্ৰই প্ৰহাৰ কৰা বুলি প্ৰকাশিত বাতৰি সন্দৰ্ভত আজি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে উক্ত ঘটনাত নাম সাঙোৰ খোৱা একাংশ ছাত্ৰই ৷ বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদমেলত ছাত্ৰকেইজনে উক্ত নিশা মাৰপিট নহয়, তৰ্কাতৰ্কিহে হৈছিল বুলি মন্তব্য কৰে ৷ বিশ্ববিদ্যালয়খনৰ মাইলছ ব্ৰুনছন ছাত্ৰৱাসত নিশা প্ৰায় ১১.৩০ বজাত নৱ কুমাৰ ভৰালীয়ে এগৰাকী যুৱতীক লগত লৈ উপস্থিত হৈছিল ৷
সেইসময়ত ছাত্ৰৱাসৰ ছাত্ৰসকলে নৱ কুমাৰ ভৰালীক প্ৰৱেশত বাধা প্ৰদান কৰে। কিন্তু নৱ কুমাৰ ভৰালীয়ে নানান মন্তব্য কৰি বিতোপন চাংমাই আৰু ছত্ৰগোপাল মহন্ত নামৰ ছাত্ৰজনক প্ৰহাৰ কৰে ৷ যাৰফলত ছাত্ৰৱাসৰ পৰা একাংশ ছাত্ৰ ওলাই আহি নৱ কুমাৰ ভৰালীসহ যুৱতীগৰাকীক উক্ত স্থানৰ পৰা আঁতৰাই পঠিয়াই দিয়ে ৷ ইয়াৰ পিছতে নৱ কুমাৰ ভৰালীয়ে ১০-১৫ জনীয়া এটা দল লগত লৈ ৰজাভেটা আৰক্ষী চকীত কেইবাজনো ছাত্ৰৰ ওপৰত মিছা অপবাদ জাপি এজাহাৰ দাখিল কৰে ৷ ঘটনা সন্দৰ্ভত নৱ কুমাৰ ভৰালীয়ে আছুক টাৰ্গেট কৰি লোৱা বুলি ছাত্ৰসকলে সংবাদমেলত অভিযোগ উত্থাপন কৰে।
বিশ্ববিদ্যালয়খনৰ নীতি অনুযায়ী নিশা ৯ বজাৰ পিছত কোনো ছাত্ৰ-ছাত্ৰী বা বাহিৰৰ লোকে বিশ্ববিদ্যালয়ৰ চৌহদ বা আৱাসত চলা-ফুৰা কৰিব নোৱাৰে। তেনেস্থলত নৱ কুমাৰ ভৰালীয়ে কেনেকৈ মাইলছ ব্ৰুনছন ছাত্ৰৱাসত এগৰাকী যুৱতীক লৈ প্ৰৱেশ কৰিব পাৰিব বুলি প্ৰশ্ন উত্থাপন কৰে ৷ সম্প্ৰতি আলোচনাৰ মাধ্যমেৰে ঘটনাটোৰ সন্দৰ্ভত নিৰপেক্ষ তদন্তৰ প্ৰয়োজন আছে। প্ৰকৃততে নিশা বিশ্ববিদ্যালয়খনত কি ঘটিছিল সেয়া বৰ্তমানেও স্পষ্ট হোৱা নাই ৷
- Log in to post comments
- 327 views