ওৰাঙত শোকাৱহ নাওঁ দুৰ্ঘটনা, পানচৈ নদীৰ পানীত ডুব গ’ল নাওঁ

A

 

নিউজ ডেস্ক:
ওৰাঙৰ ধুপগুৰীত ভয়ংকৰ নাওঁ দুৰ্ঘটনা সংঘটিত হয় ৷পানচৈ নদীৰ পানীত ডুব গ’ল ১৫ জন যাত্ৰীসহ এখন চলন্ত নাওঁ ৷জানিব পৰা মতে ক’ভিড ভেকচিন লৈ নাৱেৰে উভতি আহি আছিল যাত্ৰীসকল আৰু সেই সময়তে দুৰ্ঘটনাতো সংঘটিত হয় ৷শোকাৱহ ঘটনাটোত এটি দুবছৰীয়া শিশু সন্ধানহীন হোৱা বুলি জানিব পৰা গৈছে ৷ইতিমধ্যে শিশুটিক বিচাৰি SDRF বাহিনীয়ে অভিযান আৰম্ভ কৰে ৷

Your Comments