ৰাজ্যত অধিক শিথিলতাৰে ক’ভিডৰ নতুন এছঅ'পি, পঢ়ি জানি লওঁক

A

 

নিউজ ডেস্ক:

ৰাজ্যত অধিক শিথিলতাৰে ক’ভিডৰ নতুন এছঅ'পি, পঢ়ি জানি লওঁক


ৰাজ্যত আজিৰে পৰা প্ৰযোজ্য হ’ল নতুন এছঅ'পি।অধিক শিথিলতা প্ৰদানেৰে স্বাস্থ্য বিভাগে  জাৰি  কৰে নতুন এছঅ’পি।বুধবাৰে পুৱাই স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ঘোষণা কৰে নতুন এছঅ’পি।

নৈশ সান্ধ্য আইন নিশা ৯ বজাৰ পৰা পুৱা ৫বজালৈ প্ৰযোজ্য হ’ব।নিশা ৮ বজালৈ দোকান-পোহৰ, ব্যৱসায়িক প্ৰতিষ্ঠান, কৰ্মক্ষেত্ৰ মুকলি কৰিব পাৰিব।

আন্তঃজিলা যাতায়ত ১০০শতাংশ যাত্ৰীৰে চলাচলৰ অনুমতি। যাত্ৰী থিয় কৰাই নিব নোৱাৰিব বাহনত।যাত্ৰী থিয় কৰাই নিয়া বাহন ধৰা পৰিলে বৰ্ধিত হাৰত জৰিমনা ভৰাৰ লগতে চালকৰ অনুজ্ঞাপত্ৰ আৰু গাড়ী পঞ্জীয়ন পৰ্যন্ত বাতিল কৰা হ’ব।

উল্লেখ্য যে ক'ভিড ভেকচিন লোৱা যাত্ৰীৰ বাবেহ আন্তঃজিলা যাতায়ত মুকলি কৰা হৈছে।

ভেকচিন লৈ মটৰ চাইকেলত দুজন উঠাত অনুমতি।অৱশ্যে মাক্স পিন্ধাটো বাধ্যতামূলক।

ব্যক্তিগত যান-বাহনত মাক্স পিন্ধি ১০০ শতাংশ যাত্ৰীৰে যাত্ৰা কৰাৰ অনুমতি।

শিক্ষানুষ্ঠানৰ পাঠদান স্নাতকোত্তৰ, স্নাতক, উচ্চতৰ মাধ্যমিক চুড়ান্ত বৰ্ষ,নাৰ্ছিং, কাৰিকৰী প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰীৰে মুকলি কৰিব পাৰিব ।অৱশ্যে মুকলিৰ তিনিদিনৰ পূৰ্বে ছাত্ৰ-ছাত্ৰীৰ, শিক্ষক-কৰ্মচাৰীৰ ভেকচিন ব্যৱস্থা কৰিব লাগিব।

এটা শ্রেণীকোঠাত সৰ্বাধিক ৩০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে একেলগে পাঠগ্ৰহণ কৰিব পাৰিব।

চুড়ান্ত বৰ্ষৰ শ্রেণীকোঠাৰ পাঠদান ৬ছেপ্টেম্বৰৰ পৰা আৰম্ভ কৰিব পাৰিব।

শিক্ষানুষ্ঠান, হোষ্টেল, উচ্চতৰ মাধ্যমিক চুড়ান্ত বৰ্ষ, স্নাতক, স্নাতকোত্তৰ চুড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰীৰ বাবে মুকলি কৰিব পাৰিব।অৱশ্যে সম্পূৰ্ন ক’ভিড ভেকচিন গ্ৰহণ কৰা হ’ব লাগিব।

বিবাহ অনুষ্ঠানত ৫০ জন সৰ্বাধিক উপস্থিত থাকিব পাৰিব।অৱশ্যে এটা ভেকচিন গ্ৰহণ কৰিব লাগিব।

ধৰ্মীয় অনুষ্ঠানত ৪০জনৰ অনুমতি ।সৰু-সৰু ধৰ্মীয় অনুষ্ঠান সমূহত ঘন্টাত ২০জনৰ অনুমতি।

ছবিগৃহ, থিয়েটাৰ বন্ধ থাকিব পৰৱৰ্তি নিৰ্দেশ নিদিয়া পৰ্যন্ত।

দুটা ভেকচিন লোৱা বিমান যাত্ৰী সকলে এতিয়াৰ পৰা কৰিব নালাগে ক’ভিড পৰীক্ষা।

জনতা ভৱনত সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰে মন্ত্ৰী মহন্তই।

Your Comments