কাজিৰঙাৰ মাজেৰে গধূৰ যান- বাহন চলাচলত বাধা, সুকীয়া পথৰ ব্যৱস্থা পঢ়ি জানি লওঁক

A

নিউজ ডেস্ক:

 

বানপানীৰ কৱলত কাজিৰঙা ৰাষ্ট্ৰীয়  উদ্যান।উদ্যোনৰ প্ৰায় অধিকাংশ অঞ্চল বৰ্তমান বানপানীৰ কৱলত ।ওখ ঠাই বিচাৰি উদ্যানখনৰ জীৱ - জন্তু ঢাপলি মেলিছে কাজিৰঙাৰ মাজেৰে পাৰ হৈ যোৱা ৰাষ্ট্ৰীয় ঘাই পথলৈ।

জীৱ-জন্তুৰ সুৰক্ষা স্বাৰ্থত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ জৰুৰী নিৰ্দেশ।উদ্যানখনৰ মাজেৰে পাৰ হৈ যোৱা ৩৭নং ৰাষ্ট্রীয় ঘাই পথত গধুৰ যান -বাহন চলাচলত বাধা।যান-বাহন সমূহ ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে নগৈ সুকীয়া পথেৰে যোৱাৰ নিৰ্দেশ।এই কথা প্ৰকাশ কৰিছে  অসম আৰক্ষীয়ে ৷তাৰ বাবে আৰক্ষীয়ে নিৰ্দিষ্ট কৰি দিছে পথসমূহ।

উজনি অসমৰ পৰা আহিব লগা গধুৰ যানবাহনসমূহ ডিব্ৰুগড়- বগীবিল হৈ উত্তৰ অসমেৰে নামনি অসমলৈ যাব পাৰিব।

নামনি অসমৰ পৰা যাব লগা বাহন সমূহ শৰাইঘাট হৈ বাইহাটা, উত্তৰ অসম হৈ বগীবিলেৰে উজনি অসম যাব পাৰিব।

ইয়াৰ উপৰিও ৰঙিয়া দিশৰ পৰা বাইহাটা হৈ উত্তৰ অসমেৰে  যাব পাৰিব উজনিলৈ।

উজনি অসমলৈ গুৱাহাটীৰ পৰা যোৱা বাহনসমূহ কলীয়াভোমোৰা পাৰ হৈ উত্তৰ-অসম হৈ বগীবিলেৰে যাব পাৰিব উজনিলৈ।

উল্লেখ্য যে ইতিমধ্যে যান-বাহনত টাইম কাৰ্ড ব্যৱস্থা কৰা হৈছে ৰাষ্ট্ৰীয় উদ্যান পাৰ হোৱাৰ বাবে।

Your Comments