সৰ্বশিক্ষাৰ কাৰ্যালয়ত আছুসহ ৩৪ ছাত্ৰ সংগঠনেৰে শিক্ষামন্ত্ৰীৰ বৈঠক: ১৮টা বিষয়ত ৬০দফীয়া স্মাৰক পত্ৰ প্ৰদান

A

নিউজ ডেস্ক:

গুৱাহাটীৰ কাহিলীপাৰা সৰ্বশিক্ষা কাৰ্যালয়ত ছাত্ৰ সংগঠনেৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ গুৰুত্বপূৰ্ণ বৈঠক।সোমবাৰে শৈক্ষিক বিষয়ৰ ওপৰত অনুষ্ঠিত বৈঠকখনত প্ৰাক প্ৰাথমিক পৰ্যায়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈকে সমস্যাসমূহ সমাধানৰ বাবে ১৮টাকৈ বিষয়ত ৬০ দফীয়া স্মাৰক পত্ৰ প্ৰদান কৰে শিক্ষামন্ত্ৰী গৰাকীক।

ছাত্ৰ সংগঠনসমূহে শিক্ষা ব্যৱস্থাক ৰাজনীতিৰ মেৰপেচৰ পৰা আঁতৰাই ৰখাৰ লগতে শিক্ষাক বিকেন্দ্ৰীকৰণ কৰাৰ আহ্বান জনায়।

সদৌ অসম ছাত্ৰ সন্থা প্ৰমুখ্যে বৈঠকত উপস্থিত জনগোষ্ঠীয় সংগঠনসমূহে জনজাতীয় আৰু জনগোষ্ঠীয় ভাষাৰ ক্ষেত্ৰত শিক্ষা বিভাগক গুৰুত্ব আৰোপ কৰাৰো আহ্বান জনায়।

বেচৰকাৰী  শিক্ষানুষ্ঠানসমূহক বাধ্যতামূলকভাৱে নিয়ন্ত্ৰণৰো দাবী কৰে বৈঠকত।

আধুনিক শিক্ষা ব্যৱস্থাৰ মাধ্যমেৰে 
চৰকাৰী-মাতৃভাষা শিক্ষানুষ্ঠানৰ জয়যাত্ৰা অব্যাহত ৰখাৰ উপৰিও
অঞ্চলভেদে ভাষা কেন্দ্ৰীক স্কুল স্থাপনৰ দাবী জনায়।

শিক্ষানুষ্ঠানৰ মানদণ্ড উন্নত কৰাৰ বাবে নিজ অঞ্চলৰ কৃতি শিক্ষক, পুৰস্কাৰপ্ৰাপ্ত শিক্ষকৰ জৰিয়তে বিদ্যালয় পৰিদৰ্শনৰ ব্যৱস্থা কৰাৰ পৰামৰ্শ দিয়ে মন্ত্ৰী গৰাকীক।

ছাত্ৰ-ছাত্ৰীৰ অভাৱত ৰাজ্যত বন্ধ হৈছে বহু পুৰণি শিক্ষানুষ্ঠান।সেই সন্দৰ্ভত মন্ত্ৰী গৰাকীক কয়- শ্বহীদ, বিশিষ্ট নাগৰিকৰ নামত থকা আৰু ৫০ বছৰ অতিক্রম কৰা বিদ্যালয় সমূহ বন্ধ নকৰি চলাই নিব লাগে।

শিক্ষানুষ্ঠানত খালী হৈ থকা পদ সমূহ শীঘ্ৰে পূৰণ কৰা।প্ৰয়োজন  হ'লে উচ্চ শিক্ষা প্ৰদানত পুৱাৰ শাখা, দিনৰ শাখা, সন্ধিয়াৰ শাখাৰ ব্যৱস্থা কৰিব লাগে।যাতে উচ্চ শিক্ষাৰ পৰা কোনো ছাত্ৰ-ছাত্ৰী বঞ্চিত হ'ব লগা নহয়।

 

বিদ্যালয়সমূহ মূল্যায়নৰ বাবে বিশিষ্ট শিক্ষাবিদৰ দ্বাৰা এক সমিতি গঠন কৰাৰো পৰামৰ্শ আগবঢ়াই শিক্ষা বিভাগক।

মধ্যাহ্ন ভোজনৰ পৰা শিক্ষক-  শিক্ষয়িত্ৰীক আঁতৰাই ৰখাৰ লগতে প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰিব লাগে।

ৰাজ্যৰ  উচ্চ মাধ্যমিক পৰ্যায়ৰ মাতৃভাষাৰ বিদ্যালয়সমূহক উচ্চতৰ মাধ্যমিক পৰ্যায়লৈ উন্নীতকৰণ কৰাৰো আহ্বান শিক্ষামন্ত্ৰীক।


মহাবিদ্যালয়ৰ খালী শিক্ষকৰ পদ পূৰণ। নতুন বিষয়সমূহ কলেজ সমূহত অন্তৰ্ভুক্ত কৰিব লাগে।

উচ্চ শিক্ষা উন্নত কৰাৰ বাবে বিশ্ববিদ্যালয় সমূহক প্ৰথম পৰ্যায়ত ২০০ কোটি টকাকৈ আৰ্থিক অনুদান প্ৰদান কৰিব লাগে।সোণাপুৰত জনজাতীয় বিশ্ববিদ্যালয় স্থাপন কৰাৰ লগতে বীৰ ৰাঘব মৰাণ মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ কৰিব লাগে।

প্ৰতি জিলাত অভিযান্ত্ৰিক আৰু আইন মহাবিদ্যালয় স্থাপন কৰিব লাগে।

Your Comments