ৰাজ্যত একাদশ শ্রেণীৰ নামভৰ্তিত হৈছে নেকি জটিলতা!শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে কি কলে পঢ়ক

A

নিউজ ডেস্ক:

ৰাজ্যত একাদশ শ্রেণীৰ নামভৰ্তিত কেন্দ্ৰ কৰি কোনোধৰণৰ জটিলতা বা অসুবিধা সৃষ্টি হোৱা নাই- এই স্পষ্টীকৰণ শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ।চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৩,৯৭,১৩২ গৰাকী ছাত্ৰ- ছাত্ৰী উত্তীৰ্ণ হৈছে।দৰ্পণ পৰ্টেলৰ জৰিয়তে ৩লাখ ৪৩হাজাৰ ৯৩২ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তিৰ বাবে অনলাইন পঞ্জীয়ন কৰিছে।তেনেস্থলত নামভৰ্তিৰ বাবে বৃহৎ সংখ্যক পৰীক্ষাৰ্থীয়ে পঞ্জীয়ন কৰিব পৰা নাই বুলি প্ৰচাৰিত বাতৰিত কোনো ভিত্তি নাই বুলি পেগুৱে ফেচবুকৰ জৰিয়তে কয়।

ইফালে একাংশ ছাত্ৰ-ছাত্ৰীৰ অভিযোগ পৰ্টেলটোত পঞ্জীয়ন কৰাটো সহজ নহয়। কাৰণ বহুত লাহে লাহে হয় পঞ্জীয়ন।

Your Comments