লাহৰীঘাটত অব্যাহত আছে খহনীয়াৰ তাণ্ডৱ ৷ বৰলুইতৰ ভয়াৱহ খহনীয়াত জাহ গ’ল বহু কেইখন শিক্ষানুষ্ঠান, মাটি-ভেটিৰ লগতে বিস্তীৰ্ণ কৃষি পথাৰ ৷ মৰিগাঁৱৰ লাহৰীঘাটত অব্যাহত আছে বৰলুইতৰ তাণ্ডৱ ৷ চকুৰ পচাৰতে চপৰা চপৰে খহিছে বৰলুইতৰ গৰা ৷ যোৱা কেইবামাহ ধৰি বৰলুইতৰ বিধ্বংসী খহনীয়াৰ ফলত অঞ্চলটোৰ শতবৰ্ষ গৰকা জামে মছজিদ, ঈদগাহ ময়দান আৰু বিভিন্ন শিক্ষানুষ্ঠানসহ ইতিমধ্যে জাহ গৈছে প্ৰায় ৪,০০০ পৰিয়ালৰ লোকৰ মাটি-ভেটি ৷
উল্লেখ্য যে লাহৰীঘাট ৰাজহচক্ৰৰ অন্তৰ্গত বটাবড়ী গাঁৱত আৰম্ভ হৈছে খহনীয়াৰ কালৰূপ । নৈপৰীয়া লোকসকলে এতিয়া আতংকিত হৈ নিজৰ আপোন ঘৰখন ভাঙি নিৰাপদ স্হানলৈ ঢাপলি মেলিছে ৷ সম্প্ৰতি ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়াই ভাবুকি কঢ়িয়াই আনিছে মৰিগাঁও জিলাখনলৈ ৷ অঞ্চলটোত অব্যাহত থকা খহনীয়াৰ ফলত নিদ্ৰা হৰিছে নৈপৰীয়া লোকসকলৰ মাজত ৷ ক’লৈ যাব এই দুৰ্ভগীয়া লোকসকল ৷ কি কৰিব তাকে লৈ এতিয়া সকলোৱে দুচিন্তাত ভুগিবলগীয়া হৈছে ৷
কিন্তু ইমানৰ পিছতো বিধায়ক ডাঃ নজৰুল ইছলাম তথা জিলা প্ৰসাশনে এই দুৰ্ভগীয়া লোকসকলৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে। প্ৰতি বছৰে অঞ্চলটোত চলি থকা বৰলুইতৰ খহনীয়াত বহু অভিজাত পৰিয়ালৰ লোকেও নিজৰ ভেটি-মাটি হেৰুৱাই পথৰ ভিখাৰীত পৰিণত হ’বলগা হৈছে ৷ কোনো এখন চৰকাৰেই এই সমস্যাটোৰ স্থায়ী সমাধানৰ পদক্ষেপ গ্ৰহণ নকৰিলে ৷
- Log in to post comments
- 8 views