শিক্ষামন্ত্ৰীৰ ঘোষণা: অক্টোবৰত টেট পৰীক্ষা, বিদ্যালয় কেতিয়া খুলিব পঢ়ক

A

নিউজ ডেস্ক :

ৰাজ্যৰ নিবনুৱালৈ ভাল খবৰ।শীঘ্ৰে শিক্ষা বিভাগে অনুষ্ঠিত কৰিব টেট পৰীক্ষা।সংবাদমেলত ঘোষণা শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ। শিক্ষামন্ত্ৰী পেগুৰ ঘোষণা অনুসৰি অক্টোবৰত অনুষ্ঠিত হ'ব টেট।

ইফালে উচ্চতৰ মাধ্যমিকত আসন নাটনিত ছাত্ৰ-ছাত্ৰীয়ে যাতে চলিত বর্ষত শিক্ষালাভৰ পৰা বঞ্চিত নহয় তাৰ বাবে গ্ৰহণ কৰা হৈছে বিশেষ ব্যৱস্থা।৫৭হাজাৰ আসন নাটনিৰ সম্ভৱনা আছিল।কিন্তু বিদ্যালয়সমূহক আসন বৃদ্ধি কৰাৰ নিৰ্দেশ দিয়াৰ লগতে দশমমান শ্ৰেণীলৈ থকা ব্যক্তিগত বিদ্যালয়ক  একাদশ শ্রেণী আৰম্ভ কৰাৰ অনুমতি দিয়াৰ  সমান্তৰালকৈ বিভাগ যোগ্য উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিকলৈ উন্নীত কৰা হ'ব বুলি তেওঁ কয়।

পহিলা ছেপ্টেম্বৰৰ পৰা দশম শ্রেণীৰ পৰা বিদ্যালয়, মহাবিদ্যালয়, বিশ্ব বিদ্যালয় পৰ্য্যায়ত চুড়ান্ত বৰ্ষৰ শ্রেণী সমূহ খোলা হ'ব।তাৰ বাবে বিশেষ এছঅপি প্ৰস্তুত কৰা হৈছে- পেগুৱে কয়।

Your Comments