আন্তঃজিলা যাতায়তত শিথিলতাৰে ৰাজ্যত ক'ৰনাৰ নতুন নিৰ্দেশনা পঢ়ি লওঁক

A

নিউজ ডেস্ক :

আন্তঃজিলা যাতায়তত শিথিলতাৰে ক'ৰনাৰ নতুন নিৰ্দেশনা জাৰি ৰাজ্য চৰকাৰৰ।মঙলবাৰে সংবাদমেল যোগে ঘোষণা কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।

ৰাজ্যত সন্ধিয়া ৭ বজাৰ পৰা পুৱা ৫ বজালৈ প্ৰযোজ্য হ'ব সান্ধ্য আইন।
৬ বজালৈ খুলিব পাৰিব দোকান- ব্যৱসায়ীক প্ৰতিষ্ঠান।

৫০ শতাংশ আসনে আন্তঃজিলা যাতায়তৰ অনুমতি।

কামৰূপ(ম) জিলাৰ বাদে সমগ্ৰ ৰাজ্যত ব্যক্তিগত যান-বাহনেৰে আন্তঃজিলা যাতায়তত অনুমতি।
ৰাজহুৱা পৰিবহন/যাত্ৰী পৰিবাহী বাহনেৰে আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত বাহাল থাকিব নিষেধাজ্ঞা।

আনহাতে, ৰাজহুৱা সভা-সমিতিত সৰ্বাধিক ২০০গৰাকী লোক  উপস্থিত থাকিব পাৰিব।কিন্তু প্ৰেক্ষাগৃহ বা ৰাজহুৱা সভাগৃহৰ ভিতৰত মুঠ আসন ক্ষমতাৰ ৫০শতাংশ আসন সংখ্যাৰ লোকহে উপস্থিত থাকিব পাৰিব।গ্ৰহণ কৰিব লাগিব ক'ভিডৰ দুইপালি ঔষধ।

বিবাহ বা মাংগলিক ঘৰুৱা যি কোনো অনুষ্ঠানত সৰ্বাধিক ২৫ গৰাকী লোক উপস্থিত থাকিব পাৰিব।মৃতকৰ সৎকাৰত সৰ্বাধিক ২৫ গৰাকী লোক উপস্থিত থাকিব পাৰিব।

দুইপালি ক'ভিড ভেকচিন লোৱা দর্শনাৰ্থীৰ বাবে কামাখ্যা মন্দিৰ দর্শনৰ অনুমতি।ঘণ্টাত সৰ্বাধিক ২০ গৰাকী লোকে কৰিব পাৰিব দৰ্শন।

ধৰ্মীয় স্থানত সৰ্বাধিক ১০গৰাকী লোকৰ অংশগ্ৰহণত অনুমতি।


এমবিবিএছৰ চূড়ান্ত বৰ্ষ, বিএছচি নাৰ্ছিঙৰ চূড়ান্ত বৰ্ষ, ইঞ্জিনিয়াৰিঙৰ চূড়ান্ত বৰ্ষ আৰু জিএনএমৰ তৃতীয় বৰ্ষৰ ক্ষেত্ৰত শ্ৰেণীকোঠাত পাঠদান আৰম্ভ কৰিব পাৰিব।পাঠ গ্ৰহণৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক দুয়োপালি ক'ভিড প্ৰতিষেধক গ্ৰহণ কৰিহে শ্ৰেণীকোঠালৈ অহাৰ আহ্বান।

দুইপালি ক'ভিড ভেকচিন লোৱা বিমানযাত্ৰীক ক'ভিড টেষ্টৰ পৰা ৰেহাই।কিন্তু শেহতীয়া ক'ভিড টেষ্ট নিগেটিভ ৰিপোৰ্ট থকাটো বাধ্যতা মূলক।

Your Comments