আন্তঃজিলা যাতায়ত শিথিলতাৰে মঙলবাৰে ৰাজ্যত প্ৰকাশ পাব নতুন ক’ভিড নিৰ্দেশনা- মুখ্যমন্ত্ৰী

A

নিউজ ডেস্ক:


মঙলবাৰৰ পৰা ৰাজ্যত নতুন ক’ভিড নিৰ্দেশনা।ব্যাপক শিথিলতা অহাৰ সম্ভাৱনা নতুন নিৰ্দেশনাত।

স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই মঙলবাৰে সংবাদমেলৰ যোগে ঘোষণা কৰিব নতুন এছঅপি- এই কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখ্য যে  আন্তঃজিলা যাতায়তৰ ক্ষেত্ৰত আহিব শিথিলতা।আজি চূড়ান্ত হ’ব নতুন নিৰ্দেশনা-শৰ্মাই কয়।

আনহাতে শিক্ষানুষ্ঠান ছেপ্টেম্বৰ মাহৰ পূৰ্বে মুকলি নহয় বুলিও শৰ্মাই কয়।

গুৱাহাটীৰ পানবজাৰত জিএমচিৰ এক উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি সাংবাদিকৰ প্ৰশ্নত এইদৰে কয় শৰ্মাই।

Your Comments