অসম আৰক্ষীৰ চাৰি বিষয়ালৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী ২০২১বৰ্ষৰ তদন্ত শ্ৰেষ্ঠতাৰ পদক

A

নিউজ ডেস্ক:

অসম আৰক্ষীৰ বাবে ভাল খবৰ। '২০২১ৰ তদন্তৰ শ্ৰেষ্ঠতাৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী পদক, সন্মান আগবঢ়োৱা হৈছে অসম আৰক্ষীৰ চাৰিগৰাকী বিষয়াক।এছএছপি বিবেকানন্দ দাস, ডিএছপি ডঃ ৰশ্মি ৰেখা শৰ্মা, পৰিদৰ্শক সুকুমাৰ সিনহা, উপ-পৰিদৰ্শক দীপাংকৰ গগৈ নিৰ্বাচিত হৈছে এই বঁটাৰ বাবে।

উল্লেখ্য যে  সমগ্ৰ দেশৰ ১৫২ গৰাকী আৰক্ষী নিৰ্বাচিত হৈছে বঁটাৰ বাবে।তাৰ ভিতৰত আছে ২৮ গৰাকী মহিলা।

গুৰুত্বপূৰ্ণ কথা এই যে অসমৰ উপৰিও উত্তৰ-পূৰ্বাঞ্চল মণিপুৰ, ত্ৰিপুৰা, মিজোৰাম, মেঘালয়, নাগালেণ্ডৰ এগৰাকীকৈ আৰক্ষী বিষয়া আছে।

Your Comments