হিমন্ত কেবিনেটৰ সিদ্ধান্তসমূহ পঢ়ি লওঁক

A

নিউজ ডেস্ক:

ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত বুধবাৰে অনুষ্ঠিত হয় গুৰুত্বপূৰ্ণ কেবিনেট বৈঠক।জনতা ভৱনত অনুষ্ঠিত বৈঠকখনত গ্ৰহণ কৰা হয় ভালেকেইটা সিদ্ধান্ত।
কেবিনেটৰ সিদ্ধান্ত সমূহ সংবাদ মেল যুগে অৱগত কৰে বিত্ত মন্ত্ৰী অজন্তা নেওঁগ, স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত আৰু মন্ত্ৰী পিযুষ হাজৰিকাই ।

শৰ্মা কেবিনেটে অসম চৰকাৰৰ কৰ্মচাৰী তথা পেঞ্চনাৰ সকলৰ মৰগীয়া বানচ(DA &DR) পূৰ্বে লাভ কৰা ১৭শতাংশৰ সৈতে ১১ শতাংশ বৃদ্ধি কৰি বৰ্তমান ২৮ শতাংশ কৰিছে।চলিত বৰ্ষৰ পহিলা জুলাইৰ পৰা কাৰ্যকৰী হ’ব নতুন সিদ্ধান্ত।

ৰাজ্যত ১লাখ চৰকাৰী পদৰ নিযুক্তি অংশ স্বাস্থ্য বিভাগৰ ৮,৮৫৫ টা কাৰিকৰী পদত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাবে কেবিনেটে অনুমোদন জনায়।উল্লেখ্য যে  পূৰ্বতে শিক্ষা বিভাগ, গৃহ বিভাগ আৰু নতুনকৈ স্বাস্থ্য বিভাগৰ পদসমূহ লগ লগাই ৫২,৫০০পদ পূৰণৰ ছেপ্টেম্বৰ পৰা আৰম্ভ হ’ব প্ৰক্ৰিয়া। 

ক’ভিড পৰিপ্ৰেক্ষিতত ২০২০ চনৰ ২০মাৰ্চৰ আগতে ছুটিত থকা কৰ্মচাৰী কৰ্মস্থলীৰ বাহিৰত থকাৰ বাবে কৰ্তব্যত অনুপস্থিত আছিল, সেই অনুপস্থিতিৰ কালছোৱা নিয়মীয়াকৰণৰ বাবে কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে।

আনহাতে, নিবনুৱা সমস্যা সমাধান কৰাৰ লক্ষ্যৰে পৰিবহন বিভাগ আৰু দক্ষতা বিকাশ অভিযানে যৌথভাৱে চালনক বৃত্তি হিচাপে গ্ৰহণ কৰিব খোজা প্ৰত্যেক সমষ্টিৰ ৫০জনকৈ, সৰ্বমুঠ ৬,৬০০গৰাকী যুৱক-যুৱতীক ৪৫ দিনীয়াকৈ গাড়ী চালনৰ প্ৰশিক্ষণ কাৰ্যসূচী বুধবাৰ কেবিনেটে অনুমোদন জনায়।এই প্ৰশিক্ষণৰ অন্তত লাভ কৰিব গাড়ী চলোৱা অনুজ্ঞাপত্ৰ।প্ৰশিক্ষণ গ্ৰহণ কৰি বাণিজ্যিক অথবা যাত্ৰীবাহী বাহন ক্ৰয় কৰিবলৈ অসম চৰকাৰ পৰা ১লাখ টকাকৈ ৰাজসাহায্য লাভ  কৰিব।

একেদৰে ৰাজ্যখনৰ অনুসূচিত জনজাতিৰ  "লালুং" নামেৰে তালিকাভুক্ত উপজনজাতিটোক তেওঁলোকৰ ইচ্ছা অনুযায়ী "লালুং"ৰ স্থানত ‘তিৱা’ শব্দটো ব্যৱহাৰৰ বাবে ৰাজ্য চৰকাৰে ভাৰত চৰকাৰক অনুৰোধ কৰাৰো কেবিনেটে সিদ্ধান্ত লয়।

Your Comments