কৃষক মুক্তিৰ বিক্ষোভত উত্তাল মহানগৰী

akhil

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদে আজি উত্তাল কৰি তুলিলে মহানগৰীৰ লক্ষীধৰ বৰা ক্ষেত্ৰ। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। এই প্ৰতিবাদত কৃষক মুক্তিৰ নেতা অখিল গগৈৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কৃষক মুক্তিৰ সমৰ্থকসকলে অংশ লয়। ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰে এই বিধেয়কখনক লৈ কৰা ধেমালিৰ বাবে কৃষক নেতা গৰাকীয়ে দুয়োখন চৰকাৰকে অতি কঠোৰ ভাষাৰে সমালোচনা কৰে।

gogoi

প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি অখিল গগৈয়ে কয় যে বিজেপিৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ কথা অমিত শ্বাহে কৈছিল যদিও সেই বৈঠকত থকা অসমৰ কোনো এজন বিজেপি নেতাই ইয়াৰ বিৰোধিতা নকৰিলে। কৃষক মুক্তিৰ সমৰ্থকসকলে দীঘলীপুখুৰীৰ পাৰৰ পৰা উপায়ুক্তৰ কাৰ্যালয়লৈ এক প্ৰতিবাদী সমদল বাহিৰ কৰে।

Your Comments