মুখ্যমন্ত্ৰীক সাক্ষাতৰ নামত ঘোচ লৈ আৰক্ষীৰ জালত আৱকাৰী বিষয়া ভূপেন হাজৰিকা

A

নিউজ ডেস্ক:

দিছপুৰ অসম সচিবালয়ত দালাল ।চৰকাৰী বিষয়া নামিল দালাক চক্ৰত।মুখ্যমন্ত্ৰীক সাক্ষাতৰ নামত ঘোচ লৈ গ্ৰেপ্তাৰ আৱকাৰী বিষয়া ভূপেন হাজৰিকা।

উল্লেখ্য যে দালাল হাজৰিকাই ডিব্ৰুগড়ৰ এগৰাকী মহিলাৰ পৰা মুখ্যমন্ত্ৰীক সাক্ষাতৰ নামত ৫ হাজাৰ টকা লোৱা অভিযোগ উত্থাপন হৈছিল।মহিলা গৰাকীৰ অভিযোগৰ ভিত্তিত মন্ত্ৰী বিমল বৰাৰ ব্যক্তিগত সহায়ক সুমিত দেৱে দিছপুৰ থানাত ৰুজু কৰিছিল গোচৰ।সেই গোচৰৰ ভিত্তিতে দিছপুৰ আৰক্ষী থানাই দালাল ভূপেন হাজৰিকাক গ্ৰেপ্তাৰ কৰে।

গুৰুত্বপূৰ্ণ কথা বিভিন্ন সময়ত সচিবালয়ত আমোলা-বিষয়াক সাক্ষাতৰ বাবে দালালে ঘোচ বিচৰা বুলি সততে অভিযোগ উত্থাপন হৈ আহিছিল।তাৰ মাজতে স্বয়ং চৰকাৰী বিষয়া এনেধৰণৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা কাৰ্যই সচিবালয়ত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

Your Comments