লাভলীনাৰ বাসগৃহত এজেপি সভাপতি লুৰীণজ্যোতি গগৈ: পিতৃক সম্বৰ্ধনা

Lurinjyoti at Lovlina's home

টকিঅ’ অলিম্পিকত পদক নিশ্চিত কৰা অসম কন্যা বক্সাৰ লাভলীনা  বৰগোহাঁইৰ বাসগৃহত সোমবাৰে উপস্থিত হয় অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ ৷

গোলাঘাট বৰপথাৰৰ বাৰমুখীয়া গাওঁ স্থিত বক্সাৰ গৰাকীৰ বাসভৱনত উপস্থিত হৈ লুৰীণজ্যোতি গগৈয়ে লাভলীনাৰ পিতৃ টিকেন বৰগোহাঁইক ফুলাম গামোচা আৰু আহোম জনগোষ্ঠীয় পৰম্পৰাগত পাগ পিন্ধাই সম্বৰ্ধনা জনায় ৷

প্ৰতিকূল পৰিৱেশকো নেওচি কন্যাক খেললৈ আগবঢ়াই দি বৰগোহাঁইয়ে অসমীয়া জাতিলৈ শ্ৰেষ্ঠ সেৱা আগবঢ়াইছে বুলি গগৈয়ে মন্তব্য কৰে।

উল্লেখ যোগ্য যে ইতিমধ্যে পদক নিশ্চিত কৰা লাভলীনাই অহা ৪আগষ্টত চেমিফাইনেলত অৱতীৰ্ণ হ’ব।

Your Comments