মেট্ৰিক-হাইমাদ্ৰাছাৰ ঘোষিত ফলাফলত সুখী নহ’লে বহিব পাৰিব বিশেষ পৰীক্ষাত, সবিশেষ পঢ়ক

Exam

ক'ৰ’না পৰিস্থিতিৰ বাবে বিশেষ মূল্যায়ন পদ্ধতিৰে ছেবাই ঘোষণা কৰিলে হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল। সৰ্বকালৰ উৰ্ত্তীণৰ অভিলেখ ভংগ কৰিলে এইবাৰৰ ফলাফলে। ৯৩.১০ শতাংশ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৰ্ত্তীণৰ বিপৰীতে হাইমাদ্ৰাছাত উৰ্ত্তীণৰ হাৰ ৯৩.১৮ শতাংশ।

গুৰুত্বপূৰ্ণ কথা ফলাফলক লৈ পূৰ্বৰ দৰে উৎসাহ নাই ৰাজ্যবাসীৰ মাজত  । শীর্ষ ১০টা স্থান নাই ফলাফলত।

আনহাতে, ঘোষিত ফলাফলক লৈ যিসকল ছাত্ৰ-ছাত্ৰী সন্তুষ্ট নহয় তেওঁলোকে বহিব পাৰিব বিশেষ পৰীক্ষাত।তাৰ বাবে ৫ আগষ্টৰ পৰা পৰ্টেলৰ জৰিয়তে কৰিব পাৰিব আৱেদন।

ক'ৰ’নাৰ পৰিৱেশ স্বাভাৱিক হ’লেই পৰীক্ষা অনুষ্ঠিত কৰিব ছেবা তথা শিক্ষা বিভাগে। ৬টা বিষয়তে শিক্ষা বিভাগে অনুষ্ঠিত কৰিব পৰীক্ষা।

Your Comments