বিশিষ্ট সমাজকৰ্মী-নাৰীবাদী লেখক ড° অনিমা গুহৰ পৰলোকপ্ৰাপ্তি

Dr. Anima Guha

এগৰাকী বিশিষ্ট সমাজ-কৰ্মী, শিক্ষাব্ৰতী, নাৰীবাদী লেখক তথা সাহিত্যিক পেঞ্চনাৰ ড° অনিমা গুহই আজি গুৱাহাটীৰ আৰ্য হস্পিতালত আবেলি ৩ বাজি ২০ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে৷ উল্লেখ্য যে, তেওঁ আছিল বুৰঞ্জীবিদ প্ৰয়াত অমলেন্দু গুহৰ সহধৰ্মিনী ৷ ড° অনিমা গুহ আছিল প্ৰগতিশীল বিচাৰধাৰাত বিশ্বাসী। 

গুৰুত্বপূৰ্ণ যে, দুই দশকতকৈও অধিক সময় তেওঁ অসমত মহিলাৰ সম-অধিকাৰৰ বাবে কৰা আন্দোলনৰ নেতৃত্ব দি আহিছিল।

১৯৩২চনৰ ২৬মাৰ্চত জন্মগ্ৰহণ কৰা ড° অনিমা গুহৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৮৯বছৰ ৷

Your Comments