ক’ভিডৰ দ্বিতীয় লহৰত ৰাজ্যত ২৮ হাজাৰ শিশু-কিশোৰ আক্ৰান্ত -কেশৱ মহন্ত

A

নিউজ ডেস্ক:
ক'ৰনাৰ দ্বিতীয় লহৰত ৰাজ্যত বৃহৎ  সংখ্যক শিশু-কিশোৰ আক্রান্ত হোৱা বুলি জানিব পৰা গৈছে ।ক'ৰনাৰ প্ৰথম লহৰত ১৮ বছৰৰ তলৰ আক্রান্তৰ  হাৰ ৮ শতাংশ হোৱা বিপৰীতে দ্বিতীয় লহৰত ১২শতাংশ আক্রান্ত হৈছে।সেই অনুসৰি ৰাজ্যত ২৮ হাজাৰ শিশু-কিশোৰৰ ক'ভিড সংক্ৰমণ হৈছে।এই ভয়ংকৰ তথ্য উল্লেখ কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।

গুৰুত্বপূৰ্ণ  কথা এই যে মুঠ আক্রান্তৰ অধিক সংখ্যক ১০পৰা ১৮বছৰৰ ভিতৰত বুলি কয়।

নগাঁৱৰ চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ পৰ্যবেক্ষণ কৰি মহন্তই আৰু কয়- বহু সময়ত মাতৃ গৰাকী ক'ভিড আক্রান্ত হোৱা বাবে শিশুক লগত লৈ যাব লগা হৈছে।

ইফালে ক'ভিড আক্রান্ত শিশুৰ বাবে প্ৰায়কেইখন মেডিকেল কলেজত প্ৰেডিয়েটিক আই.চি.ইউ ৰ  ব্যৱস্থা কৰাৰ বাবে পদক্ষেপ লোৱা হৈছে বুলি  স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে কয়।

উল্লেখ্যে যে, বিভিন্ন স্বাস্থ্য সন্থা সমূহে প্রকাশ কৰা অনুসৰি ক'ৰনাৰ তৃতীয় লহৰত সৰ্বাধিক শিশু-কিশোৰ ক'ভিড আক্রান্ত হ'ব।স্বাস্থ্য সন্থা সমূহৰ সতৰ্কতাৰ পাছতে ৰাজ্যৰ স্বাস্থ্য বিভাগে ক'ভিডৰ তৃতীয় লহৰৰ সৈতে যুঁজ দিবলৈ প্ৰয়োজনীয় ব্যৱস্থা লোৱা বুলি মহন্তই কয়।

ইফালে শিশু আক্রান্তৰ হাৰ সন্দৰ্ভত বিভাগে বিস্তৃতভাৱে পৰ্যালোচনা কৰিব বুলিও তেওঁ জানিব দিয়ে।

Your Comments