৩১জুলাইৰ ভিতৰত প্ৰকাশ পাব চিবিএছইৰ পৰীক্ষাৰ ফলাফল : কি হ’ব মেট্ৰিক-হায়াৰ চেকেণ্ডাৰী!

Exams

ক'ৰ’নাৰ জটিল পৰিস্থিতিত বাতিল কৰা চিবিএছই পৰীক্ষাৰ কিদৰে হ’ব মূল্যায়ন সেই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত দাখিল প্ৰতিবেদন। ৩১ জুলাইৰ ভিতৰত প্ৰকাশ পাব ছাত্ৰ- ছাত্ৰীৰ ফলাফল। দ্বাদশ শ্রেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণাৰ বাবে তিনিটা দিশত আৰোপ কৰা হ’ব গুৰুত্ব। দশম শ্রেণীৰ ফলাফলৰ ৩০নম্বৰ, একাদশ শ্রেণীৰ ৩০নম্বৰ আৰু দ্বাদশ শ্রেণীৰ বিভিন্ন পৰীক্ষাৰপৰা ৪০ নম্বৰ সামৰি মূল্যাংকন কৰা হ’ব। ইতিমধ্যে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে এই কথা।

Notice

দ্ৰুত গতিত ক'ৰ’না সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰে বাতিল কৰিছিল চলিত বৰ্ষৰ চিবিএছই দশম-দ্বাদশ শ্রেণীৰ পৰীক্ষাসমূহ।

গুৰুত্বপূৰ্ণ কথা যে চিবিএছই-য়ে পৰীক্ষাৰ  মূল্যাংকন কিদৰে কৰিব তাৰ প্ৰতিবেদন ন্যায়ালয়ত দাখিল কৰাৰ পিছতো ৰাজ্যৰ মেট্ৰিক- উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা সন্দৰ্ভত আজিও সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাই ৰাজ্য চৰকাৰে। আলোচনাৰ উপৰি আলোচনাত শিক্ষা বিভাগ মিলিত হৈছে যদিও উলিয়াব পৰা নাই সমাধানৰ ব্যৱস্থা।ফলত তীব্ৰ মানসিক চাপত ভুগিছে পৰীক্ষাৰ্থী তথা অভিভাৱকসকল। উল্লেখ্য যে স্বাস্থ্য বিভাগৰ তথ্যৰ ভিত্তিত বুধবাৰে ৰাজ্যিক কেবিনেটে পৰীক্ষা অনুষ্ঠিত কৰাটো সম্ভৱ নহয় বুলি পৰামৰ্শ দিছে। পৰীক্ষা অনুষ্ঠিত নহ’লে ছাত্ৰ-ছাত্ৰীৰ মূল্যাংকন কিদৰে কৰা হ’ব সেয়া এতিয়া এটা ডাঙৰ প্ৰশ্ন।

Your Comments