মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পঞ্চমখন কেবিনেটৰ সিদ্ধান্ত সমূহ জানো আহক

HBS

ক’ভিড পৰিস্থিতিৰ মাজতে বুধবাৰে জনতা ভৱনত অনুষ্ঠিত হয় “শৰ্মা মন্ত্ৰী সভা”ৰ পঞ্চমখন কেবিনেট বৈঠক। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় গুৰুত্বপূৰ্ণ বৈঠকখন। কেবিনেটত গ্ৰহণ কৰা হয় বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত। বৈঠকৰ সিদ্ধান্ত সংবাদ মেলত অৱগত কৰে দুই কেবিনেট মুখপাত্ৰ ক্ৰমে মন্ত্ৰী কেশৱ মহন্ত আৰু পিযুষ হাজৰিকাই। লগতে মন্ত্ৰী অজন্তা নেওগো সংবাদমেলখনত উপস্থিত থাকে।

ৰাজ্যত নতুনকৈ ৪টা ফৰেনচিক লেবৰেট’ৰী স্থাপনত অনুমোদন জনাই বুধবাৰৰ কেবিনেটে। উক্ত ফৰেনচিক লেবৰেট’ৰীকেইটা ক্ৰমে স্থাপন হ'ব শিলচৰ চিকিৎসা মহাবিদ্যালয়ত, ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত, তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত আৰু বঙাইগাঁও অসামৰিক চিকিৎসালয়ত। উল্লেখ্য যে অপৰাধ অনুসন্ধান ব্যৱস্থা শক্তিশালী কৰাৰ লক্ষ্যৰে স্থাপন কৰা হ’ব ফৰেনচিক লেবৰেট’ৰীকেইটা।

Himanta's Cabinet

ৰাজ্যত শিশু আৰু গৰ্ভৱতী মহিলাক পুষ্টিকৰ খাদ্য যোগান ধৰা সমাজ কল্যাণ বিভাগৰ "পৰিপূৰক পুষ্টি আঁচনি"খন অধিক গতিশীল কৰি তোলাৰ লক্ষ্যৰে আঁচনিৰ অধীনত ক্ৰয় কৰা চাউল ভাৰতীয় খাদ্য নিগমৰ পৰা পোনপটীয়াকৈ ক্ৰয় কৰাত কেবিনেটে সিদ্ধান্ত আৰু অনুমোদন জনাই।ফলত চৰকাৰী ধন ৰাহি হোৱাৰ লগতে সেই ধনেৰে অন্যান্য পুষ্টিকৰ সামগ্ৰী ক্ৰয় কৰি যোগান ধৰা হ’ব। তদুপৰি এতিয়াৰে পৰা আঁচনিখনৰ ৰূপায়নত চিলিং ব্যৱস্থাৰ প্ৰযোজ্য নহ'ব। পূৰ্বতে ঠিকাদাৰী পদ্ধতিত পৰিচালিত হৈছিল আঁচনিখন। এই কথা জনাই মন্ত্ৰী অজন্তা নেওগে।

ৰাজ্যত নতুনকৈ স্থাপন কৰা ৫খন বিশ্ববিদ্যালয়ক প্ৰয়োজনীয় বিধি প্ৰদান কেবিনেটৰ। বিশ্ববিদ্যালয় কেইখন লখিমপুৰ নাৰায়নপুৰ মাধৱদেৱ বিশ্ববিদ্যালয়, বজালী ভট্টদেৱ বিশ্ববিদ্যালয়, মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়, গোলাঘাট সতী-সাধনী বিশ্ববিদ্যালয় আৰু হোজাইস্থিত ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ক প্ৰদান কৰা হয় এই কৰ্তৃত্ব।এই কৰ্তৃত্ব প্ৰদানৰ ফলত উক্ত  বিশ্ববিদ্যালয়কেইখনে এতিয়া পৰা বিভিন্ন পৰিষদসমূহ গঠন কৰাৰ লগতে শৈক্ষিক কাৰ্যসূচী সূচাৰূপে চলাই নিব পাৰিব। এই কথা মন্ত্ৰী ৰনোজ পেগুৱে অৱগত কৰে।


ৰাজ্যৰ সাম্প্ৰতিক ক'ভিড সংক্ৰমণক প্ৰতিৰোধ কৰাৰ লক্ষ্যৰে কেবিনেটে সুকীয়া শৌচাগাৰ, কোঠাৰ ব্যৱস্থা নথকা ঘৰৰ ক'ভিড প'জিটিভ লোকক হোম আইচলেশ্যন প্ৰদান নকৰাৰ পৰামৰ্শ আগবঢ়াই। স্বাস্থ্য বিভাগ আৰু ৰাজ্যিক প্ৰশাসনক সিদ্ধান্ত কঠোৰ ভাৱে বলবৎ কৰিবলৈ কেবিনেটে নিৰ্দেশ প্ৰদান কৰে।

Your Comments