প্ৰতিবন্ধীৰ পৰা উৎকোচ বিচাৰি নিলম্বিত সমাজ কল্যান বিভাগৰ বিষয়া মৌচুমী বৰ্মন। কামৰূপ জিলাৰ সমাজ কল্যান বিভাগৰ এলডিএ মৌচুমী প্ৰতিবন্ধী আঁচনিৰ ধন মুকলি কৰাৰ বাবে ঋতুৰাজ বৰা নামৰ এগৰাকী প্ৰতিবন্ধীৰ পৰা উৎকোচ বিচৰাৰ গুৰুতৰ অভিযোগত নিলম্বিত হৈছে।
উল্লেখ্য যে ফোনযোগে বিষয়া গৰাকীয়ে উৎকোচ বিচাৰিছিল। উৎকোচ বিচৰা সকলো কথা মোবাইলত ৰেকৰ্ড হৈছিল। তাৰ পিছতে ঘটনা সন্দৰ্ভত প্ৰতিবন্ধী সুৰক্ষা সন্থাৰ সভাপতি নৃপেন মালাকাৰে সমাজ কল্যান বিভাগৰ সঞ্চালকক অভিযোগ দাখিল কৰিছিল। উক্ত অভিযোগৰ ভিত্তিত ঘোচখোৰ বিষয়া গৰাকীক নিলম্বন কৰিছে বিভাগে।
- Log in to post comments
- 15 views