ক'ৰ'না প্ৰতিৰোধৰ বাবে ঘোষণা কৰা বাধ্য-বাধকতাত শিথিলতা। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই হাফলঙত সংবাদমেল যোগে প্ৰকাশ কৰিছে আন্লকৰ নীতি-নিৰ্দেশনা।বুধবাৰৰ পৰা প্ৰযোজ্য হ’ব নিৰ্দেশনা।
নতুনকৈ জাৰি কৰা নিৰ্দেশনা মতে কামৰূপ(ম)জিলাত বিয়লি ২ বজাৰ পৰা পুৱা ৫ বজালৈ জাৰি হ’ব সান্ধ্য আইন। ১বজালৈ দোকান- পোহাৰ মুকলি কৰাত থাকিব অনুমতি। অহা এক সপ্তাহৰ বাবে প্ৰযোজ্য হ’ব এই নিয়ম।
উল্লেখ্য যে বৰ্তমান ১২বজালৈকে দোকান-পোহৰ মুকলি কৰাত আছিল অনুমতি। ১বজাৰ পৰা জাৰি হৈছিল সান্ধ্য আইন।
নগৰাঞ্চলত ৫ শতাংশ আৰু গাঁও অঞ্চলত ১০ শতাংশ আক্রান্তৰ হাৰ বৃদ্ধি হ’লে জিলা উপায়ুক্তই কন্টেইনমেন জ’ন ঘোষণা কৰিব।
আনহাতে মাজুলী,দক্ষিণ শালমৰা, বঙাইগাঁও, চিৰাং, ওদালগুৰি, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, চৰাইদেউত যোৱা সপ্তাহৰ পৰিস্থিতি পৰ্যবেক্ষণৰ অন্তত চাৰি শতাধিকতকৈ কম সংক্ৰমণ হোৱাৰ বাবে ৮খন জিলাত সান্ধ্য আইন অধিক ৰেহাই দিয়া হৈছে। সন্ধিয়া ৫বজাৰ পৰা পুৱা ৫বজালৈ উক্ত জিলাকেইখনত জাৰি হ’ব সান্ধ্য আইন।
কাছাৰ, তিনিচুকীয়া, ডিব্ৰুগড়, শোণিতপুৰ আৰু নগাঁও জিলাত সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবে উক্ত পাঁচখন জিলাত চোকা দৃষ্টি ৰখা হ’ব। ২১জুনলৈকে সংক্ৰমণৰ হাৰ হ্ৰাস নাপালে কঠোৰ ব্যৱস্থা (লক্ডাউন) পৰ্যন্ত ঘোষণা হ’ব।
ইফালে বাকী জিলাসমূহত পূৰ্বৰ নিৰ্দেশনা বাহাল থাকিব। ১ বজাৰ পৰা পুৱা ৫ বজালৈ বাহাল থাকিব সান্ধ্য আইন।
ক'ৰ’নাৰ দুয়োটা টীকা গ্ৰহণ কৰা চৰকাৰী কৰ্মচাৰীক কাৰ্যালয়লৈ অহাৰ আহ্বান। গৰ্ভৱতী কৰ্মচাৰী, ৫বছৰৰ তলৰ শিশু থকা কৰ্মচাৰী মাতৃসকল, বিশেষভাৱে সক্ষম কৰ্মচাৰীসকলে ভেক্চিন গ্ৰহণ কৰিলেও তেওঁলোকৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহ’ব।
ধৰ্মীয় অনুষ্ঠান বন্ধ থাকিব। শেষকৃত অনুষ্ঠানত ১০জন উপস্থিত থাকিব পাৰিব।
হোটেল, ৰেষ্টুৰেণ্ট, ভোজনালয়ত পূৰ্বৰ ব্যৱস্থা বাহাল থাকিব।
সাপ্তাহিক বজাৰ আৰু অন্যান্য বজাৰ বন্ধ থাকিব।
অহা ২২জুনৰ পুৱা ৫ বজা পৰ্যন্ত আন্তঃজিলা যাতায়ত বন্ধ থাকিব।
- Log in to post comments
- 41 views