সান্ধ্য আইন ভংগ কৰি মাজ নিশা চেলুনত নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা। গুৱাহাটী উলুবাৰী বি বৰুৱা ৰোডৰ চেলুনত মাজ নিশা চুলি কাটিলে বিধায়ক গৰাকীয়ে। চেলুনৰ ছাটাৰ আধা খুলি সান্ধ্য-আইন ভংগ কৰি চুলি-দাঁড়ি কাটিলে বিধায়ক বৰুৱাই।
উলুবাৰী ৰাজু ৰিয়াজ নামৰ চেলুন খনত সান্ধ্য আইন চলি থকাৰ পিছতো চুলি কাটে বিধায়ক জনে।
বিধায়ক গৰাকীয়ে চুলি কটাৰ খবৰ লাভ কৰাত সাংবাদিক উপস্থিত হৈছিল চেলুনখনত। সাংবাদিকে প্ৰশ্ন কৰাত তেওঁ কয়- কাৰ্ফিউ কি মইতো ৰাতিয়ে ঘুৰি ফুৰো।ঘৰলৈ যোৱা তোমালোক'।
উল্লেখ্য ক’ভিড প্ৰতিৰোধৰ বাবে চৰকাৰে দিনৰ ১বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন জাৰি কৰিছে । উক্ত সময়ত দোকান-পোহাৰ খোলা , সাধাৰণ নাগৰিকৰ চলাচলত সম্পূৰ্ণৰূপে বাধা আৰোপ কৰা হৈছে। তেনে সময়ত এগৰাকী চৰকাৰী পক্ষৰ বিধায়কে ক্ষমতাৰ বলত মাজ-ৰাতি চেলুন খুলি চুলি- দাঁড়ি কটোৱা কাৰ্যই আচম্বিত কৰি তুলিছে সাধাৰণ জনতাক। কাৰণ যি সময়ত ভয়াৱহ ক'ৰ’নাই গ্ৰাস কৰিছে ৰাজ্য, আক্রান্ত হৈছে দৈনিক সহস্ৰাধিক লোক, তেনে সময়ত ক'ৰ’না নিয়ন্ত্ৰণৰ বাবে চৰকাৰে জাৰি কৰা কঠোৰ বাধ্যবাধকতা এগৰাকী জন প্ৰতিনিধিয়ে যদি ভংগ কৰে তেন্তে সাধাৰণ লোকে ইয়াৰ পৰা কি শিক্ষা লাভ কৰিব। প্ৰশ্ন উঠিছে চৰকাৰী পক্ষৰ মানুহে ক’ভিড নীতি-নিৰ্দেশনা উলংঘা কৰিলে আইনৰ চকুত সাত খুন মাফ হৈ যায় নেকি!
- Log in to post comments
- 38 views