হোজাই চিকিৎসক আক্ৰমণৰ ঘটনাৰ তদন্তৰ অভিযোগনামা এমাহৰ ভিতৰত দাখিল কৰা হ’ব। ইতিমধ্যে ১০ দিন সম্পূৰ্ণ হৈছে আৰু ২০দিনৰ ভিতৰত এখন ভাল চার্জচিট প্ৰস্তুতৰ বাবে আৰক্ষীক গাইডেন্স দিয়া হৈছে এই কথা জনালে অসম আৰক্ষীৰ আইন শৃংখলা অতিৰিক্ত সঞ্চালক প্ৰধান জিপি সিঙে।
তদন্তকাৰী বিষয়াক সকলো দিশ সামৰি ল’বলৈ নিৰ্দেশ দিয়া হৈছে। তিনিটা ভাগত অভিযুক্ত সকলক চিনাক্ত কৰা হৈছে- সিঙে লগতে কয়।
উল্লেখ্য যে ডঃ সেউজ সেনাপতিৰ আক্ৰমণত জড়িত থকা ২৪ জন অভিযুক্তক ভিডিঅ’ ফুটেজৰ ভিত্তিত ২৪ঘন্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।
- Log in to post comments
- 12 views