*বাচনি কমিটিৰ অধ্যক্ষক সাক্ষাৎ কৰি শীঘ্ৰে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ আহ্বান*
ৰাজ্য চৰকাৰৰ বন বিভাগৰ বিভিন্ন বন সংমণ্ডলত দীৰ্ঘদিন ধৰি কৰ্মৰত কিন্তু বেতন বঞ্চিত শ্রমিক সকলক ফিক্সড পে' বা নিৰ্ধাৰিত হাৰৰ দৰমহাৰ গাঁথনিলৈ আনি নিযুক্তি দিয়াৰ বন বিভাগে শেহতীয়াভাবে যি সিদ্ধান্ত গ্ৰহণ কৰিছে তাক আদৰণি জনাই শীঘ্ৰে সেই সিদ্ধান্ত কাৰ্যকৰী কৰিবলৈ আহ্বান জনাইছে সদৌ অসম কেজুৱেল বন শ্ৰমিক সন্থাই । মঙলবাৰে সন্থাৰ কার্যকৰী সভাপতি চিকণ ডেকাৰ নেতৃত্বত এটা সঁজাতি দলে বন বিভাগৰ পাঞ্জাবাৰীস্থিত মুখ্য কাৰ্যালয় "অৰণ্য ভৱন" ত কেজুৱেল শ্রমিকৰ নিযুক্তি বাচনি কমিটিৰ অধ্যক্ষ আৰু অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষক এছ সূৰ্যনাৰায়ণক সাক্ষাৎ কৰি বন বিভাগৰ এই সিদ্ধান্ত চলিত জুন মাহৰ ভিতৰতে কার্যকৰী কৰি দীৰ্ঘদিনীয়া সমস্যাটো সমাধান কৰিবলৈ আহ্বান জনায় । আনহাতে, সাক্ষাৎ কালত অতিৰিক্ত মুখ্য বন সংৰক্ষক এছ সূৰ্যনাৰায়নে সঁজাতি দলটোক বন বিভাগে মানৱীয়তাৰ দৃষ্টিভংগীৰে সমস্যাটোৰ সমাধান কৰাৰ লগতে ক'ভিড পৰিস্থিতি কিছু উন্নত হলেই নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিব বুলি আশ্বাস প্ৰদান কৰে । আনহাতে, সজাতি দলটোত সন্থাৰ কোষাধক্ষ্য পৱিত্ৰ হালৈ , কার্যকৰী সদস্যত্ৰয় ধনঞ্জয় দাস ,ধৰিত্ৰী ৰাভা আৰু সবিতা দাস উপস্থিত থাকে । সাক্ষাৎ কালত সঁজাতি দলটোৱে অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষকগৰাকীক এখন ফুলাম গামোচাৰে আদৰণি জনাই আৰু বিভাগৰ উন্নয়নৰ বাবে চৰকাৰে গ্ৰহণ কৰা সকলো পদক্ষেপতে সহায়ৰ হাত আগবঢ়াব বুলি ব্যক্ত কৰে । ইফালে, সন্থাৰ কাৰ্যকৰী সভাপতি চিকণ ডেকাই জানিবলৈ দিয়া মতে ১৯৯৩ চনৰ পহিলা এপ্ৰিলৰ পূৰ্বে নিযুক্তি পোৱা কেজুৱেল শ্ৰমিকৰ বহুতকে ২০০৫ - ০৬ চনত ফিক্সড পে'ৰ আওতালৈ অনা হয় যদিও প্ৰায় আধা সংখ্যক শ্ৰমিক ফিক্সড পে' নোপোৱাকৈ ৰৈ যায় । ৰৈ যোৱাসকলক ফিক্সড পে'ৰ আওতালৈ আনি নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাবে সন্থাই ২০০৬ চনৰ পৰা দাবী জনাই আহিছিল । বৰ্তমান বিটিচিত প্ৰায় ১৬৫ জন আৰু তাৰ বাহিৰে অসমৰ বিভিন্ন সংমণ্ডলত ১,১৩২ জন শ্ৰমিক আছে । সন্থাই বাদ পৰি যোৱা আৰু ১৯৯৩ চনৰ পহিলা এপ্ৰিলৰ পূৰ্বে নিযুক্তি পোৱা সকলোকে একেলগে নিযুক্তি দিবলৈ দাবী জনাই অহা বুলি চিকণ ডেকাই সদৰি কৰে ।
- Log in to post comments
- 187 views