হাইস্কুল শিক্ষান্ত পৰীক্ষা, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা সন্দৰ্ভত দিছপুৰত গুৰুত্বপূৰ্ণ বৈঠক। শিক্ষামন্ত্ৰী ৰনোজ পেগু, আছু, আবছু, অসম সাহিত্য সভা, বড়ো সাহিত্য সভা, স্বাস্থ্য বিভাগৰ প্ৰতিনিধি উপস্থিত থকা বৈঠকত ছেবা, উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ কর্তৃপক্ষও উপস্থিত থাকে। উল্লেখ্য, সকলোৱে পৰীক্ষা অনুষ্ঠিত কৰাৰ সন্দৰ্ভত প্ৰকাশ কৰে মতামত। বৈঠকৰ অন্তত পৰীক্ষা অনুষ্ঠিত কৰা সহমতত উপনীত হোৱা বুলি সদৰী কৰে শিক্ষামন্ত্ৰী পেগুৱে। স্বাস্থ্য বিভাগৰ পৰামৰ্শ অনুসৰি পেগুৱে কয়-১আগষ্টৰপৰা ১৫ আগষ্টৰ ভিতৰত অনুষ্ঠিত হ’ব পৰীক্ষাসমূহ।
'পৰম্পৰাগত পদ্ধতিৰ বিপৰীতে সংকোচিত বিষয়, সংকোচিত নম্বৰেৰে ক’ভিড প্ৰট’কল মানি পৰীক্ষা অনুষ্ঠিত কৰা হ’ব। সকলো বিষয়ৰ পৰীক্ষা নহয়। সংকোচিত হ’ব নম্বৰো। সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়া চূড়ান্ত পৰ্যায়ত। এক-দুই সপ্তাহৰ ভিতৰত চূড়ান্ত সময়সূচী প্ৰকাশ কৰা হ’ব'- শিক্ষামন্ত্ৰীয়ে কয় ।
- Log in to post comments
- 17 views