৮০ঊৰ্ধৰ তিনি আইতাৰ হাতেৰে উন্মোচন শিক্ষক মহেন শইকীয়াৰ 'বিদ্যালয়ত মূল্যবোধৰ শিক্ষা' শীৰ্ষক গ্ৰন্থ

Book launch

মূল্যবোধৰ সংজ্ঞাৰে আৰম্ভ কৰি  মূল্যবোধৰ বিভিন্ন দিশক সামৰি গোলাঘাট জিলা নুমলীগড় উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মহেন শইকীয়াৰ দ্বাৰা ৰচিত 'বিদ্যালয়ত মূল্যবোধৰ শিক্ষা' শীৰ্ষক গ্ৰন্থখন মঙ্গলবাৰে উন্মোচন কৰা হয়। ক'ৰ’নাৰ জটিল পৰিস্থিতিৰ বাবে লেখক শইকীয়াৰ বোকাখাত কমাৰগাঁৱৰ বৰদিহিঙীয়া গাঁওস্থিত নিজা বাসগৃহৰ চোতালত উন্মোচন কৰা হয় গ্ৰন্থখন। ক’ভিডৰ সকলো বিধি পালন কৰি গ্ৰন্থখন উন্মোচন কৰা হয়। উন্মোচন কৰে লেখক শইকীয়াৰ ৯০ঊৰ্ধৰ মাতৃ তিলেশ্বৰী শইকীয়া, ৮০ঊৰ্ধৰ দুগৰাকী আইতা প্ৰেমলতা শইকীয়া আৰু দেব কাকতিয়ে।

উন্মোচক আইতা তিনিগৰাকীয়ে গ্ৰন্থখন ছাত্ৰ-ছাত্ৰীক পঢ়িবলৈ আহ্বান জনায়। লগতে লেখক গৰাকীক আৰু কিতাপ লিখি যাবলৈ আশীৰ্বাদ দিয়ে। জীৱনৰ বিয়লি বেলাত তিনিও গৰাকী আইতাই কিতাপখন উন্মোচন কৰিবলৈ পাই আনন্দিত হোৱা বুলি প্ৰকাশ কৰে।

কমাৰগাঁও বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক যতীন কাকতিয়ে আঁত ধৰা অনুষ্ঠানটোত লেখক শইকীয়াই শিক্ষকতাৰ বিভিন্ন অভিজ্ঞতাই গ্ৰন্থখন লিখিবলৈ অনুপ্ৰাণিত কৰা বুলি উল্লেখ কৰে। এগৰাকী ছাত্ৰ অথবা ছাত্ৰী পুথিগত শিক্ষাৰে যিমানেই শিক্ষিত নহওক কিয় মূল্যবোধৰ শিক্ষা নাথাকিলে সেয়া বৃথা বুলিও তেওঁ সদৰী কৰে।

উল্লেখ্য ২০১৯চনত ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা লাভ কৰা লেখক শইকীয়াৰ এইখন নৱম গ্ৰন্থ।

গ্ৰন্থ উন্মোচনী অনুষ্ঠানটোত  অৱসৰপ্ৰাপ্ত কৃষি বিষয়া জীৱন শইকীয়া,শিক্ষয়িত্ৰী তুলা গগৈ শইকীয়া, সাংবাদিক ৰিণ্টু দুৱৰা, সাগৰ হাজৰিকা, চন্দন বৰা আদি উপস্থিত থাকে।

Your Comments